০.০০ মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু কৃতি :
আধুনিক অসমীয়া সাহিত্যৰ সৌৰমণ্ডলত মামণি ৰয়ছম গোস্বামী এটি উজ্বল নক্ষত্ৰ। এই গৰাকী লেখিকাৰ জন্ম হয় ১৯৪২ চনৰ ১৪ নৱেম্বৰ তাৰিখে কামৰূপ জিলাত। পিতৃ উমাকান্ত গোস্বামী আৰু মাতৃ অম্বিকা দেৱী গোস্বামীৰ সুযোগ্য কন্যা মামণি ৰয়ছম গোস্বামীৰ পিতৃ প্ৰদত্ত নাম হ’ল ইন্দিৰা গোস্বামী। ১৯৫৭ চনত তাৰিণী চৌধুৰী ছোৱালী স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আই.এ পঢ়ে আৰু তাৰ পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয়ৰ পৰা অসমীয়া প্ৰধান বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী আৰু তাৰপাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে অসমীয়া সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৩ চনত তুলসী দাসৰ ৰামচৰিত মানস আৰু মাধৱ কন্দলীৰ ৰামায়ণ : এটি তুলনামূলক অধ্যয়ন শীৰ্ষক বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি ডিগ্ৰী লাভ কৰে।
সাহিত্য অকাডেমি আৰু জ্ঞানপীঠ বঁটাৰে বিভূষিতা ৰয়ছম গোস্বামীয়ে লেখিকা জীৱনৰ শুভাৰম্ভ কৰিছিল চুটিগল্প ৰচনাৰ জৰিয়তে আৰু ভালেসংখ্যক সাৰ্থক চুটিগল্প ৰচনা কৰি কৃতিত্বৰ পৰিচয় দিয়ে। কিন্তু অসম তথা ভাৰতৰ বৌদ্ধিক সমাজত ঔপন্যাসিকৰূপেহে তেওঁৰ খ্যাতি-যশ ৰৈ-বৈ যোৱা আৰু সমালোচকসকলেও লেখিকা গৰাকীৰ প্ৰতিভা উপন্যাসৰ ক্ষেত্ৰত অধিকতৰ স্বত:স্ফূৰ্ত আৰু আবেদনশীল বুলি দাবী কৰে। এই খিনিতে উল্লেখ কৰিবলগীয়া যে তেওঁ ‘মামৰে ধৰা তৰোৱাল’ৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত উপন্যাসৰাজি হ’ল – ” চেনাবৰ স্ৰোত (১৯৭২), নীলকণ্ঠী ব্ৰজ (১৯৭৬), অহিৰণ (১৯৮০), মামৰে ধৰা তৰোৱাল (১৯৮০), দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা (১৯৮৮) সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি (১৯৮৯), জখমী যাত্ৰী (১৯৯১), তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা (১৯৯৪)। তেওঁৰ আত্মজীৱনীখন হ’ল ‘ আধা লেখা দস্তাবেজ ‘ (১৯৮৮) ৷আনহাতে মামৰে ধৰা তৰোৱালৰ লগত আন দুখন উপন্যাস যুক্ত হৈ আছে – ‘ বুদ্ধ সাগৰ ধূসৰ গাইসা আৰু মহম্মদ মুছা আৰু নাঙঠ চহৰ। ‘আধা ঘণ্টা সময়’ তেওঁৰ দ্বাৰা অনুদিত উপন্যাস । ইয়াৰ মূল মালয়ালম ভাষাত ৰচিত উপন্যাস ‘Ananazhikaneram’.
আধুনিক সাহিত্যৰ অন্যান্য শাখাৰ তুলনাত উপন্যাসৰ পৰিসৰ ব্যাপক আৰু বৈচিত্ৰ্য পূৰ্ণ। এই শাখাৰ সৃষ্টিৰ বাবে লাগে লেখক -লেখিকাক বাস্তৱ জীৱন আৰু জগত বিষয়ক প্ৰচুৰ অভিজ্ঞতা। ৰয়ছম গোস্বামীৰ এই বিচিত্ৰ অভিজ্ঞতাই সামৰি লৈছে অসমৰ লগতে ভাৰতৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক,ভৌগোলিক, মনস্তাত্বিক ধৰ্মীয় দিশৰ বাহিৰেও বিভিন্ন স্তৰৰ বিভিন্ন স্থান আৰু কালৰ নৰ-নাৰীৰ জীৱন আৰু কৰ্মৰাজি।
০.০১ মামৰে ধৰা তৰোৱাল উপন্যাসখনৰ এটি সাধাৰণ আলোচনাঃ-
ড. মামণি ৰয়ছম গোস্বামী এগৰাকী মানৱতাবাদী লেখিকা। তেওঁৰ ‘ মামৰে ধৰা তৰোৱাল ‘ উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ নিৰ্মাণ কাৰ্যত নিয়োজিত শ্ৰমিকক কেন্দ্ৰ কৰি গঢ়া কাহিনীৰ উপন্যাস। উপন্যাসখন তেওঁৰ ৰায়বেৰেলী জিলাৰ সাই নদীৰ ওপৰৰ একুৱেডাক্ট-(Aqueduct) বন্ধাৰ সময়ত ৱৰ্কছাইট’ত থকাৰ সময়ৰ বাস্তৱ অভিজ্ঞতাৰ ফল। শ্ৰমিকসকলৰ ধৰ্মঘটক কেন্দ্ৰ কৰি উপন্যাসখন ৰচিত হৈছিল। ইয়াৰ দুই-এটি চৰিত্ৰহে মাথোঁ কিছু ৰহন সনা। কিন্তু শ্ৰমিক নেতা সকলৰ মাজতো একতা, দুৰদৃষ্টি আৰু ত্যাগৰ অভাৱে ধৰ্মঘটটোৱে লোৱা ৰূপ আৰু নেতাসকলৰ দুৰ্বলতাৰ সুযোগ লৈ লোকেল লীডাৰৰ হাতত ছাৰখাৰ হোৱা ধৰ্মঘট আৰু ইয়াৰ বলি হোৱা শ্ৰমিকসকলৰ দুৰ্দশাগ্ৰস্ত জীৱন কাহিনী সুন্দৰভাৱে ঔপন্যাসিকে বৰ্ণনা কৰিছে।
ধৰ্মঘটৰ ফলত শিবু ধাচলা, লিবু লেঙেৰা নাৰায়ণী, বসুমতী বুঢ়ী, ভৃগু আৰু তাৰ পাঁচজনী ছোৱালী আৰু আন সকলো শ্ৰমিকৰ পৰিয়ালৰ কাৰুণ্যভৰা জীৱনৰ চিত্ৰ আমি উপন্যাসখনিত স্পষ্ট ৰূপত পাওঁ। উপন্যাসখন পেটৰ তাড়নাত কেনেকুৱা অৱস্থা হৈছিল, এই কথা জানিব পাৰোঁ ‘ খালাচী লংগৰ’ত তাই কুকুৰৰ বাবে দলিয়াই দিয়া ৰুটি খাবলৈ লোৱাৰ সময়ত কুকুৰজাকে তাইক বেৰি ধৰি ভুকিছিল।
আকৌ পাওঁ – ‘ ধৰ্মঘট আৰম্ভ হোৱাৰ পাছৰ পৰা ছুইপাৰ বেৰেকৰ ল’ৰা – ছোৱালীজাকে এটা খালাচী লংগৰত কুকুৰৰ বাবে দিয়া ৰুটিৰ আশাত বোন্দাপৰ দি বহি থাকে। মাজে মাজে কুকুৰ আৰু মানুহৰ দবৰা-দবৰি লাগে। আকৌ পেটৰ তাড়নাত নাৰায়ণী আৰু ভৃগুৰ ছোৱালীহঁতে নিজকে চাহাব, খালাচীৰ হাতত কেনেদৰে অৰ্পণ কৰিব লগা হৈছিল, তাৰ চিত্ৰও উপন্যাসৰ মাজত পাওঁ। কাহিনীৰ বৰ্ণনাৰ লগতে চৰিত্ৰবোৰৰ ৰূপ চিত্ৰ দাঙি ধৰাত সহায়ক হৈছে উপন্যাসৰ ভাষাৰ বাবে। ইংৰাজী, হিন্দী,অসমীয়া আৰু মজদুৰ শ্ৰেণীৰ মুখৰ ভাষাৰ সংমিশ্ৰিত ৰূপত আত্মপ্ৰকাশ কৰিছে। কাহিনী বিশ্লেষণ, চৰিত্ৰ সৃষ্টি, পৰিৱেশ সৃষ্টি আৰু ভাষাৰ জৰিয়তে ঔপন্যাসিকাৰ জীৱন দৰ্শন সুন্দৰ ৰূপত প্ৰকাশ কৰিছে। ‘মামৰে ধৰা তৰোৱাল’ত মানৱতাক আঘাত হনা শক্তিৰ বিপক্ষে প্ৰতিবাদ স্পষ্ট। মুঠতে উপন্যাসখনক আমি দুখ-দুৰ্দশাগ্ৰস্ত শ্ৰমিক জীৱনৰ দলিল বুলি ক’ব পাৰি।
১.০০ মামৰে ধৰা তৰোৱাল উপন্যাসখনিৰ কাহিনীভাগ বিশ্লেষণঃ-
মামণি ৰয়ছম গোস্বামীৰ ‘মামৰে ধৰা তৰোৱাল’ তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তিচিহ্ন। এই উপন্যাসখনৰ বাবেই লেখিকাই সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়। ৰয়ছম গোস্বামীয়ে বাস্তৱ অভিজ্ঞতাবোৰক উপন্যাসত কলাত্মক ৰূপ দিয়ে। সেইবাবেই বোধকৰো কাহিনীবোৰ মন পৰশি যোৱা আৰু হৃদয়ক চুই যোৱা চৰিত্ৰবোৰ নিচেই চিনাকী চিনাকী লগা হৈ পৰে। তেওঁৰ সকলোবোৰ লেখাতে মানৱতাৰ সুৰ প্ৰতিধ্বনিত হৈছে। উপন্যাসৰ মাজত বাস্তৱ অভিজ্ঞতাক কলাত্মক ৰূপ দি তেওঁ যেন মানৱীয়তাৰ সন্ধান কৰে।
উপন্যাসখনত বিক্ষিপ্তধৰণৰ কিছুমান ঘটনাৰ মাজেদি শ্ৰমিক জীৱনৰ দুখ-দুৰ্দশা, যন্ত্ৰণা, আশা-আকাংক্ষা,হতাশ-গ্ৰস্ততা,সপোন ভঙাৰ যন্ত্ৰণা আদি দেখুওৱা হৈছে। মূলতঃ মানৱতাবাদী ভাৱধাৰাৰে উপন্যাসখনিৰ কাহিনী নিৰ্মিত হৈছে। নাৰী জীৱনৰ আৰ্তনাদ, কাৰুণ্য উপন্যাস খনৰ কাহিনীৰ মূল উপজীৱ্য। সাই নদীৰ একুৱেডাক্ট নিৰ্মাণ কাৰ্যত নিয়োজিত শ্ৰমিকসকলৰ হা-হুমুনিয়াহেৰে উপন্যাসখনৰ কাহিনী ভাৰাক্ৰান্ত । উপন্যাসখনৰ আৰম্ভণিতে লেখিকাই উপন্যাসখনৰ সৃষ্টিৰ আঁৰৰ কথা ব্যক্ত কৰি কৈছে, —”ৰায়বেৰেলী জিলাৰ সাই নদীৰ ওপৰত একুৱাডাক্ট বনোৱাৰ সময়ত কিছুদিন ৱৰ্কছাইডত থকাৰ সুযোগ পাইছিলো । শ্ৰমিকসকলক ওচৰৰ পৰা নিৰীক্ষণ কৰাৰ সৌভাগ্য ঘটিছিল। সেই সময়ত শ্ৰমিকসকলৰ এক ধৰ্মঘট চলিছিল। এই ধৰ্মঘটটিক কেন্দ্ৰ কৰিয়েই উপন্যাসখন ৰচনা কৰা হৈছে। দুই এটি চৰিত্ৰতহে মাথোঁ কিছু ৰহন সনা হৈছে ।”
উপন্যাসখনত বসুমতী বুঢ়ী, নাৰায়ণী, যশোৱন্ত, শম্ভু পাছোৱান, শিবু ধাছলা, লিছু লেঙেৰাকে ধৰি শ্ৰমিকসকলৰ কৰুণ গাথাঁ বিবৃত হৈছে। সিহঁতৰ প্ৰত্যেকৰে অন্তৰত এটা কৰুণ বিননি লুকাই আছে। প্ৰতিটো চৰিত্ৰই স্বকীয় মহিমাৰে মহিমামণ্ডিত। হৰিজন শ্ৰমিকসকলৰ অৱস্থা অধিক সূচনীয়। কিন্তু সূচনীয় হ’লেও দুবেলা-দুসাঁজ খাবলৈ নাপালেও সিহঁত নীতিবোধৰ দ্বাৰা আধাৰিত। যশোৱন্ত হৰিজন শ্ৰমিক হ’লেও নিজৰ যোগ্যতাৰে সি ইউনিয়নৰ সদস্য হ’ব পাৰিছিল। ইউনিয়নত প্ৰথম হৰিজন সদস্য হোৱা বাবে হৰিজনসকল গৌৰৱান্বিত হোৱা কথাটো স্থানীয় নেতাসকলে সহজভাৱে ল’ব পৰা নাই। সাই একুৱেডাক্টত কাম কৰা শ্ৰমিকসকল বিভিন্ন প্ৰকাৰৰ – যেনে: নিয়মীয়া কৰ্মী, ঠিকাদাৰৰ লগত অহা কৰ্মী, মাহেকীয়া মজুৰি প্ৰাপ্ত কৰ্মী, দিনহাজিৰা কৰা কৰ্মী, সাময়িক শ্ৰমিক ইত্যাদি। দিনহাজিৰা কৰা আৰু মাহেকীয়া মজুৰি প্ৰাপ্ত শ্ৰমিকসকলে প্ৰতি মূহুৰ্ততে আশংকা আৰু অনিশ্চয়তাত দিন পাৰ কৰিছিল কিয়নো কোন মুহূৰ্তত সিহঁতক আঁতৰোৱাৰ জাননী আহে ঠিক নাই। কুৰি বছৰ কোম্পানীত কাম কৰিও বৃদ্ধ শম্ভু পাছোৱান স্থায়ী হ’ব পৰা নাই। কোম্পানীৰ পৰা খেদা খোৱাৰ পিছত লিচু লেঙেৰা,বেমাৰী শিবু ধাছলা আৰু দুমহীয়া কেঁচুৱাৰ সৈতে তাৰ ঘৈণীয়েক নাৰায়ণী, বুঢ়া ভৃগু ছুইপাৰ আৰু ধবল ৰোগী বসুমতী বুঢ়ী ক’লৈ যাব তাৰ ঠিকনা নাই। এইয়াই হ’ল উপন্যাসখনত বিবৃত নিৰাপত্তাহীন শ্ৰমিকৰ জীৱন৷
ধৰ্মঘট আৰম্ভ হোৱাৰ লগে লগে সাই একুৱেডাক্টৰ আশে-পাশে থকা ভূ-খণ্ড স্তম্ভ হৈ পৰিছে। ইউনিয়নৰ লীডাৰহঁতে মদ খাই গোপনে আলোচনা কৰিছে যদিও কোনো সমাধান উলিয়াব পৰা নাই। দিনহাজিৰা কৰা শ্ৰমিকসকলৰ অৱস্থা হাহাকাৰ হৈ পৰিছে। সংগঠনৰ নেতাসকলৰ ওপৰত ভৰষা কৰি সিহঁতেও ধৰ্মঘটত যোগ দিছে।কিন্তু ফলাফল একো উলিয়াব পৰা নাই। পেটত জুই, হাতত টকা নাই, শ্ৰমিকসকলৰ মাজতে সংঘাতৰ সৃষ্টি হৈছে। বসুমতী বুঢ়ীয়ে কেৱল তৰমুজ খাই পেটৰ ক্ষুধা মাৰিছে। দুমহীয়া কেঁচুৱাৰ মাক নাৰায়ণী গোপনে ঠাকুৰ চাহাবৰ ওচৰলৈ গৈছে। ৰূপহী নাৰায়ণীয়ে ৰুটিৰ কাৰণে নিজৰ দেহ বিক্ৰী কৰিবলগীয়া হৈছে। মাথোন এটাই চিন্তাই যে কোম্পানীৰ কামত ইফালে-সিফালে যাবলগীয়া হ’লে বেমাৰী গিৰিয়েকক তাই কেনেকৈ নিব। ধবল ৰোগী বসুমতী বুঢ়ীয়ে অস্থিৰ দেহাটোৰেই জগদীশপুৰ, মুঞ্চিগঞ্জ আদি ঠাইত বেমাৰ হোৱা মানুহ বিচাৰি ফুৰিছে যাতে পায়খানা চাফ কৰি হ’লেও দুখন ৰুটি যোগাৰ কৰিব পাৰে।
উপন্যাসখনত ক্ষুধাৰ এক জ্বলন্ত ছবি প্ৰকট হৈ উঠিছে। ঠাকুৰ চাহাবৰ প্ৰৱঞ্চনাৰ বাবে গৰ্ভৱতী হ’বলগীয়া হোৱা নাৰায়ণীয়ে শেষত অতিষ্ঠ হৈ চাহাবক কুঠাৰেৰে ঘপিয়াই হত্যা কৰে। ধৰ্মঘট লাহে লাহে বিফলতাৰ ফালে গতি কৰিলে। কিন্তু এদিন যশোৱন্তই বুজিলে যে ধৰ্মঘট বিফল হোৱাৰ মূলতে হ’ল লোকেল লীডাৰ শাস্ত্ৰীৰ ষড়যন্ত্ৰ।দুবছৰৰ পিছত যশোৱন্তই শাস্ত্ৰীক হত্যা কৰে। ধৰ্মঘটত বহুতৰে মৃত্যু ঘটিল। অস্থিচৰ্মসাৰ ভোকাতুৰ মানুহবোৰে সাই নদীৰ তপত বালিৰ ওপৰেদি অনিশ্চিত ভৱিষ্যতৰ ফালে গতি কৰিলে, খাবলৈ নাপাই সাই নদীত মাছ মাৰিবলৈ গৈ মৃত্যুমুখত পৰা পুত্ৰক লৈ সাইৰ বালিত দৌৰ মাৰি লিছু লেঙেৰা এসপ্তাহ পুত্ৰক দাহ কৰা স্থানত পৰি ৰৈছে। এনে মৰ্মস্পৰ্শী বৰ্ণনাৰে মানুহৰ হৃদয়ৰ গভীৰতাৰ ছবি লেখিকাই বৰ সুন্দৰভাৱে উপন্যাসখনৰ কাহিনীভাগ অংকন কৰিছে।
১.০১ আকলিক উপন্যাস হিচাপে ‘মামৰে ধৰা তৰোৱাল’ উপন্যাসৰ এটি আলোচনাঃ
সাধাৰণতে কোনো এটা অঞ্চলৰ বিশেষ পটভূমিত নাইবা কোনো বিশেষ অঞ্চলৰ মাটিৰ সৈতে আত্মিক সম্পৰ্কৰে সম্পৰ্কিত মানৱ জীৱনৰ কাহিনী সম্বলিত উপন্যাসেই হ’ল আঞ্চলিক উপন্যাস । আঞ্চলিক পটভূমি আৰু আঞ্চলিক পৰিৱেশৰ সুস্থ-সবল প্ৰতিফলনেই হ’ল এই শ্ৰেণীৰ উপন্যাসৰ মূল কথা। ইয়াত সন্নিৱেশিত চৰিত্ৰবোৰৰ আশা-আকাংক্ষা, সাৰ্থকতা-ব্যৰ্থতা আদিও আঞ্চলিক বৈশিষ্ট্যৰ দ্বাৰা নিয়শ্ৰিত হয়। আঞ্চলিক উপন্যাস সম্পৰ্কে Philip Bentley য়ে “The English Regional Novel” গ্ৰন্থত কৈছে – “The Regional Novel is the national novel, which concentrating on a particular region of a nation is concious of characteristics which are unique to that region and differentiating it from other in common motherland.”
মামণি ৰয়ছম গোস্বামীৰ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত ‘মামৰে ধৰা তৰোৱাল’ এখন সাৰ্থক আঞ্চলিক উপন্যাস। উপন্যাসখনত উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাই নদীৰ ওপৰত একুৱাডাক্ট বন্ধাৰ সময়ত তাত কাম কৰা শ্ৰমিকসকলৰ জীৱন কাহিনী বৰ্ণিত হৈছে। সেইসময়ত শ্ৰমিকসকলৰ মাজত চলা এটি ধৰ্মঘট আৰু তাৰ পৰিণতিক লৈ উপন্যাসখন ৰচিত হৈছে যদিও ইয়াৰ মাজেদি ঔপন্যাসিকাই শ্ৰমিকসকলৰ জীৱন-ধাৰণ প্ৰণালী, মুন্সীগঞ্জ অঞ্চলৰ সামাজিক পৰিৱেশ, অৰ্থনৈতিক তথা ধৰ্মীয় দিশ, শ্ৰমিকসকলৰ আশা-আকাংক্ষা, হৰ্ষ-বিষাদ, হতাশ- যন্ত্ৰণা, উৎসৱ- পাৰ্বণৰ সামগ্ৰিক দিশৰ লগতে শ্ৰমিকনেতাৰ মাজত একতা, দূৰদৃষ্টি আৰু ত্যাগৰ অভাৱত লোকেল লীডাৰৰ হাতত ছাৰখাৰ হোৱা ধৰ্মঘট আৰু তাৰ পৰিণতিত শ্ৰমিকসকলৰ জীৱনলৈ নামি অহা অন্ধকাৰৰ জীৱন্ত প্ৰতিচ্ছবি উপন্যাসখনত অংকিত হৈছে।আনহাতে আঞ্চলিক উপন্যাসত কোনো নায়ক নাথাকে অঞ্চল বিশেষৰ আঞ্চলিক পৰিৱেশে উপন্যাসখনত নায়কৰ ভূমিকা পালন কৰে। এইখন উপন্যাসতো উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাই নদীৰ ওপৰত একুৱাডাক্ট বন্ধাৰ সময়ত শ্ৰমিক আৰু কোম্পানীৰ বৰমূৰীয়াসকলৰ মাজত সৃষ্টি হোৱা সংঘাত আৰু মুন্সীগঞ্জৰ সামাজিক পৰিৱেশে গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে।
আধুনিক উপন্যাসৰ চৰিত্ৰ সৃষ্টি পৰম্পৰা উপন্যাসতকৈ পৃথক। ইয়াৰ মূলতে হৈছে উপন্যাসত চিত্ৰিত হোৱা পৰিৱেশ। এনে উপন্যাসত লেখকৰ দৃষ্টি প্ৰধানতঃ কোনো বিশেষ অঞ্চল হোৱা হেতু সেই অঞ্চলটোক জীৱন্ত ৰূপ প্ৰদানৰ বাবে একান্ত ভাৱে প্ৰয়াস কৰে। ফলত অঞ্চল বিশেষৰ স্বৰূপ উদঘাটনৰ বাবে চাৰিত্ৰিক ব্যক্তিত্বৰ পৰিৱৰ্তে অঞ্চলটোৰ সামগ্ৰিক ঘটনা ফুটাই তোলাৰ মানসেৰে প্ৰয়োজনীয় চাৰিত্ৰিক কাৰ্যকলাপতহে বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ‘মামৰে ধৰা তৰোৱাল’ত শ্ৰমিকসকলৰ জীৱন সংগ্ৰাম, কোম্পানীৰ বৰমূৰীয়াসকলৰ নিষ্ঠুৰতা আৰু মুন্সীগঞ্জৰ সামাজিক পৰিস্থিতি ফুটাই তুলিবলৈ বিভিন্ন চৰিত্ৰৰ সংযোগ ঘটোৱা হৈছে।
আঞ্চলিক উপন্যাসত সেই অঞ্চলৰ উৎসৱ -পাৰ্বণ , নৃত্য -গীত, অন্ধবিশ্বাস, কু-সংস্কাৰ, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ বৰ্ণিত হয়। ‘মামৰে ধৰা তৰোৱাল’ উপন্যাসত এই সকলোবোৰৰ প্ৰকাশ নঘটিলেও শ্ৰমিকসকলৰ মাজত চলা পন্তেশ্বৰী পূজা, নাৰায়ণ পূজা, মাছান কাহাৰ ঢাক পূজা আদি উৎসৱ-অনুষ্ঠানো উল্লেখ পোৱা যায়। ইউনিয়নে উৎসৱৰ দিনত ছুটীৰ দিন ঘোষণা নকৰিলেও সিহঁতে পূজা আনন্দ উপভোগ কৰে। ইয়াৰ দ্বাৰা শোষিত লাঞ্ছিত হৰিজনহঁতৰ মনৰ ধৰ্মীয় বিশ্বাস আৰু আনন্দ – উৎসাহৰ পৰিচয় ফুটি উঠিছে। বসুমতী বুঢ়ীয়ে গৰ্ভ নষ্ট কৰা কাৰ্য আৰু সন্তান জন্মৰ সময়ত ডাক্তৰৰ কাষলৈ নগৈ বসুমতী বুঢ়ীৰ ওচৰলৈ নিয়া কাৰ্যই সমাজখনৰ কুসংস্কাৰৰ পৰিচয় দাঙি ধৰিছে।
আধুনিক উপন্যাসত সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সকলো দিশৰ ওপৰত আলোকপাত কৰা দেখা যায়। উপন্যাসখনত শ্ৰমিকৰ ধৰ্মঘট, ইউনিয়নৰ মাজত লোকেল লীডাৰ সোমাই ধৰ্মঘট নষ্ট কৰা, গান্ধীজীৰ কথা, কংগ্ৰেছ ৰেকাৰৰ কথা, কোম্পানীৰ আইন পাছ নকৰাৰ কথা, পুলিচৰ অত্যাচাৰ আদি ৰাজনৈতিক দিশবোৰৰ আভাস পোৱা যায়।
আঞ্চলিক ভাষাৰ প্ৰয়োগ আঞ্চলিক উপন্যাসৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। মামৰে ধৰা তৰোৱালত হিন্দী, ইংৰাজী, অসমীয়া ভাষাৰ সংমিশ্ৰণ ঘটাৰ লগতে হৰিজনসকলৰ মাজতে ব্যৱহৃত কিছুমান নিজস্ব ভাষাৰ শব্দও পোৱা যায়। যেনেঃ হুচিয়াৰ, চাটাই, ছাল্লাহঁত , খোন-খাৰাবি , হাৰামজাদি, ছোৱাৰ বাচ্ছা ইত্যাদি। মুন্সীগঞ্জ থকা ছুইপাৰ বেৰেকৰ আৰ্থ-সামাজিক দিশৰ চিত্ৰও উপন্যাসখনত উজ্বল ৰূপত প্ৰতিভাত হৈছে।
এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে মামৰে ধৰা তৰোৱালত উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ মুন্সীগঞ্জত থকা শ্ৰমিক জীৱনৰ পটভূমিত ৰচিত এখন সাৰ্থক আঞ্চলিক উপন্যাস।
১.০২ চৰিত্ৰ বিশ্লেষণঃ
চৰিত্ৰৰ বাস্তৱসন্মত ৰূপায়ণ মামণি ৰয়ছম গোস্বামীৰ এক বিশেষ শিল্পনৈপুণ্য। এইগৰাকী লেখিকাৰ হাতত নাৰী চৰিত্ৰই হওঁক বা পুৰুষৰ চৰিত্ৰই হওঁক উভয়ে পাঠকৰ মনত গভীৰভাৱে প্ৰভাৱ পেলায়। বিচিত্ৰ জগতৰ বিচিত্ৰ চৰিত্ৰৰ বিচিত্ৰ মানসিকতাক লেখিকাই সহৃদয়তাৰে তুলি ধৰিবলৈ যত্ন কৰে। তেওঁ চৰিত্ৰৰ গভীৰতালৈ গৈ পৰিৱেশ পৰিস্থিতিৰ লগত সামঞ্জস্য ৰাখি চৰিত্ৰ নিৰ্মাণ কৰে। চৰিত্ৰৰ মানৱীয় অনুভূতি উন্মোচনত তেওঁ অলপো কাৰ্পণ্য নকৰে। সমাজৰ বঞ্ছিত আৰু নিষ্পেষিত চৰিত্ৰৰ যোগেদি মানৱীয় আবেদন দাঙি ধৰি গোস্বামীয়ে তেওঁৰ উপন্যাসৰ চৰিত্ৰসমূহক জীৱন্ত কৰি তুলিছে। ‘মামৰে ধৰা তৰোৱাল’ উপন্যাসৰ কেইটিমান মূখ্য চৰিত্ৰ তলত আলোচনা কৰা হ’ল –
ক) নাৰায়ণী –
‘মামৰে ধৰা তৰোৱাল’ উপন্যাসখনিৰ নাৰায়ণী সঁচা মানুহৰ তেজ মঙহেৰে গঠিত এটি জীৱন্ত নাৰী চৰিত্ৰ। নাৰায়ণী উপন্যাসখনৰ প্ৰধান নাৰী চৰিত্ৰ। তাই সাই নদীৰ পাৰৰ ৱৰ্কছাইডৰ শোষিত, নিষ্পেষিত , নিপীড়িত শ্ৰমিকসকলৰ মাজত এগৰাকী মহিলা চৰিত্ৰ। একুৱেডাক্ট নিৰ্মাণকাৰী ডানকান কোম্পানীৰ শ্ৰমিকসকল বিভিন্ন স্তৰৰ। নাৰায়ণী কোম্পানীৰ মাহেকীয়া মজুৰি প্ৰাপ্ত শ্ৰমিক। এই মাহেকীয়া মজুৰি প্ৰাপ্ত শ্ৰমিক শ্ৰেণীৰ কামৰ কোনো ভৱিষ্যত নিৰাপত্তা নাই।
নাৰায়ণী তিনিমহীয়া এটি কেঁচুৱাৰ মাতৃ আৰু বেমাৰী শ্ৰমিক শিবু ধাছলাৰ পত্নী। উপন্যাসখনিত ধৰ্মঘটৰ সম্ভাৱনাই নাৰায়ণীৰ মনলৈ অশণিসংকেত কঢ়িয়াই আনিছে। সাই নদীৰ একুৱেডাক্ট নিৰ্মাণৰত ৱৰ্কছাইডলৈ অহাৰ আগতে ডানকান কোম্পানীৰ কাম চলিছিল চাৰেংখেৰাত। তেতিয়া নাৰায়ণী আধা মেল খোৱা গোলাপৰ কলিৰ দৰে আছিল। ব্ৰাঞ্চত সোণালী সপোন দেখুওৱা চৌধুৰী চাহাবে তাইক লগ ধৰিলে। তাইৰ দুৰ্দশাৰ খবৰ পাই চৌধুৰীয়ে টকাৰ টোপোলা আগবঢ়াই সহায় কৰিব বিচাৰিলে। কিন্তু নাৰায়ণীয়ে আচৰিতভাৱে সেই টকাৰ টোপোলা গ্ৰহণ নকৰিলে। এইখিনিতে মানৱ চৰিত্ৰৰ ৰহস্যময়তাৰ অন্য এক দিশ উন্মোচিত হৈছে। অন্ন- বস্ত্ৰ- সংস্থাপনৰ অভাৱে নিশ্চিত মৃত্যুলৈ আগৱঢ়াই নিয়াৰ সময়তো নাৰায়ণীৰ মনত সামাজিক নীতি – অনীতি, সৎ- অসৎৰ দ্বন্দই ক্ৰিয়া কৰিছে। সেয়েহে প্ৰৱঞ্চক প্ৰাক্তন প্ৰেমিকা চৌধুৰীৰ অনুকম্পা গ্ৰহণ কৰি তাই নিজকে হেয় কৰিব খোজা নাই। অভিমানী মনে চৌধুৰীৰ সহায় গ্ৰহণ কৰিব নুখুজিলেও জীৱন ৰক্ষাৰ স্বাৰ্থত লোডী- কাৰ্পেট কোম্পানীৰ তম্বুৰ ভিতৰত ঠাকুৰ চাহাবৰ সকলো প্ৰকাৰে সেৱা শুশ্ৰূষা কৰিবলৈ নাৰায়ণী বাধ্য হ’ল।
নাৰায়ণী পৰিস্থিতিৰ দাস। জীৱিকাৰ তাৰণাই মানুহক ক’লৈ লৈ যায় তাৰ কোনো ঠিকনা নাই। কঠিন বাস্তৱৰ প্ৰচণ্ড ধুমুহাৰ মাজত মানুহে খোপনি হেৰুৱায়। উপন্যাসখনত নাৰায়ণীয়ে শৰীৰৰ শকতি থকালৈকে জীয়াই থাকিবলৈ সংকল্প কৰিছে। তথাপি মানৱতাৰ শেষ হৈ যোৱা নাই। তাই কোলাৰ কেঁচুৱা,শিবু ধাছলা দায়িত্ব আওকাণ কৰা নাই। আনফালে এই বিচিত্ৰ মানুহৰ পৃথিৱীত তাইৰ অন্তৰত সুপ্ত হৈ থকা জিঘাংসা জাগ্ৰত হৈছে। প্ৰাক্তন প্ৰেমিক প্ৰৱঞ্চক চৌধুৰীৰ পুনৰ আৱিৰ্ভাৱে তাইৰ এই জিঘাংসাৰ জুইকুৰাত যেন ঘিউহে ঢালি দিলে। নাৰায়ণী যেন শিলাময় প্ৰান্তৰ অযত্নভাৱে পালিত গজি উঠা এপাহ বনৰীয়া ফুল। সূৰ্যৰ তাপ, সূৰ্যৰ পোহৰ বিচাৰি প্ৰসাৰিত হোৱা এই ফুলপাহক নিষ্ঠুৰ জীৱনৰ ঘাত-প্ৰতিঘাতে ক্ষুত-বিক্ষুত কৰিলে।
খ) যশাৱন্ত –
যশাৱন্ত মামৰে ধৰা তৰোৱাল উপন্যাসৰ এটি উল্লেখযোগ্য পুৰুষৰ চৰিত্ৰ। তেওঁ ইউনিয়নৰ নতুন লীডাৰ। ইউনিয়নত যশোৱন্তৰ অন্তৰ্ভুক্তিয়ে হৰিজন সকলৰ মাজত গৌৰৱ কঢ়িয়াই আনে। কোম্পানীয়ে শ্ৰমিকসকলক কৰা শোষণৰ বিৰুদ্ধে যশোৱন্ত অধিক সৰৱ হৈ উঠিছে। গোমতী ইউনিয়নৰ লীডাৰ বলবীৰ স্বামীৰ উৎসাহ পূৰ্ণ কথা যশোৱন্তই মৌন হৈ শুনিছিল। যশোৱন্তহতে ইউনিয়নৰ কাম, ধৰ্মঘট সুন্দৰভাৱে চলাইছিল যদিও লোকেল লীডাৰৰ কু – অভিসন্ধিৰ বাবে তেওঁলোকৰ ধৰ্মঘট সফল নহ’ল।
নাৰায়ণীৰ প্ৰতি যশোৱন্তৰ অন্তৰত প্ৰেম জাগিছিল। সেয়েহে নাৰায়ণীৰ প্ৰতিটো কামতে সি চকু দিছিল আৰু সহায়ৰ হাত আগবঢ়াব বিচাৰিছিল। Local Leader ৰ ষড়যন্ত্ৰই যশোৱন্তৰ মনত কু – অভিসন্ধি সুমুৱাই দিব পৰা নাছিল। সাংবাদিক সকল সত্য আৰু নিষ্ঠাৰ প্ৰতীক যদিও সাংবাদিক সকলৰ ভুৱাবেশে যশোৱন্তক আচৰিত কৰি তুলিছিল।
গ) বসুমতী বুঢ়ী –
‘মামৰে ধৰা তৰোৱাল’ উপন্যাসৰ এটি উল্লেখযোগ্য নাৰী চৰিত্ৰ হ’ল বসুমতী বুঢ়ী। বসুমতী বুঢ়ী ভৃগু ছুইপাৰৰ মাক। বৃদ্ধ অৱস্থাৰ বাবে বসুমতীয়ে কোম্পানীত কাম কৰিব নোৱাৰা হ’ল। ইয়াৰ বাবে ঘৰৰ মানুহে বুঢ়ীক ভালদৰে পোহপাল নিদিয়া হ’ল। বুঢ়ীৰ চুলিবোৰ কুটকুৰা আৰু গোটেই গাত ধৱল কুঠৰি দাগ, খাবলৈ নাপাই বসুমতী বুঢ়ীয়ে সাই নদীৰ পাৰৰ বালিত থকা তৰমুজ খাই পেটৰ ক্ষুধা মাৰিছে। নাৰায়ণীৰ লগত বুঢ়ীয়ে বিভিন্ন ধৰণৰ কথা পতা দেখা যায়। ধৰ্মঘটৰ লীডাৰ সকল দুভাগ হোৱা কথা আৰু ধৰ্মঘটৰ ফল যে ভাল নহয় সেই কথা বুঢ়ীয়ে দূৰৈৰ পৰা নিৰীক্ষণ কৰিছিল। বসুমতী বুঢ়ীয়ে গৰ্ভ নষ্ট কৰা আৰু সন্তান জন্মৰ সময়ত ধাই কাম আদিও কৰিছিল। মুন্সীগঞ্জৰ এজন লোকৰ পত্নীৰ সন্তান জন্মৰ সময়ত বুঢ়ীক নিছিল যদিও মানুহগৰাকীৰ মৃত্যু হয়। তেতিয়া গিৰিয়েকে বসুমতী বুঢ়ীক চিপৰাঙেৰে কোবোৱা আৰু বসুমতী বুঢ়ী সাই নদীৰ পাৰত তেজেৰে লুতুৰি – পুতুৰি হৈ পৰি থকা অতি মৰ্মস্পৰ্শী বৰ্ণনা লেখিকাই উপন্যাসখনিত জীৱন্তৰূপত তুলি ধৰিছে।
ঘ) শিবু ধাছলা –
শিবু ধাছলা ‘মামৰে ধৰা তৰোৱাল’ উপন্যাসখনৰ এটি পুৰুষ চৰিত্ৰ। তেওঁ নাৰায়ণীৰ স্বামী। শিবু ধাছলাই কেইবাটাও ব্ৰাঞ্চত কাম কৰি জীৱন নিৰ্বাহ কৰিছিল। ধৰ্মঘটৰ সময়ত যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃতপ্ৰায় অৱস্থা হৈছিল যদিও পত্নী নাৰায়ণীৰ শুশ্ৰূষাত সুস্থ হৈ পৰিছিল।
নাৰায়ণীয় প্ৰতি তেওঁৰ প্ৰেম আছিল অটল। শিবু ধাছলাক মানৱ দৰদী লোক বুলি ক’ব পাৰি। হস্পিতালত বেমাৰী ব্ৰাহ্মণক শুশ্ৰূষা কৰি পেটৰ ভোকত চিঞৰা ব্ৰাহ্মণজনক নাৰায়ণীৰ কাৰণে খোৱা ৰুটি নি খাবলৈ দিয়া বাবেই তেওঁৰ মানৱীয়তাৰ পৰিচয় দিয়ে। পত্নী নাৰায়ণীক চাহাবসকলে মিলি ধৰ্ষণ কৰাৰ খবৰ পোৱাত তেওঁ হাতত কুঠাৰ লৈ হাহাকাৰ কৰি পত্নীক বিচাৰি ফুৰা ৰাতি চাহাবৰ তম্বুৰ ভিতৰত নাৰায়ণীক আৱিষ্কাৰ কৰা শিবু ধাছলাৰ হাতৰ কুঠাৰখন নাৰায়ণীয়ে কাঢ়ি লৈ ঠাকুৰ চাহাবক ঘপিয়াই হত্যা কৰাৰ দৃশ্য লেখিকাই অতি জীৱন্ত ৰূপত অংকন কৰিছে।
২.০০ সামৰণি –
মামণি ৰয়ছম গোস্বামীৰ উক্ত উপন্যাসখনত ক্ষুধাতুৰ, শোষিত,বাঞ্ছিত আৰু নিপীড়িত শ্ৰমিকৰ ছবি অতি মনোৰমভাৱে অংকণ কৰিছে। বিষয়বস্তুৰ আকৰ্ষণীয়তা, প্ৰতিটো চৰিত্ৰ জীৱন্ত ৰূপত অংকন কৰাত উপন্যাসখনক অনন্য সৌন্দৰ্য্য প্ৰদান কৰিছে। সাই নদীৰ ওপৰত একুৱাডাক্ট নিৰ্মাণত নিয়োজিত শ্ৰমিকসকলৰ কোম্পানীৰ বিৰুদ্ধে কৰা ধৰ্মঘটৰ বিফলতাৰ লগতে শ্ৰমিকসকলৰ দুৰ্দশা, যন্ত্ৰণা, হতাশাৰ ছবিখন চোকহীন মামৰে ধৰা তৰোৱালে ব্যঞ্জিত কৰিছে। গতিকে উপন্যাসখনৰ নামাকৰণৰ ফালৰ পৰাও লেখিকাই সাৰ্থকতা লাভ কৰিবলৈ সক্ষম হৈছে
গ্ৰন্থপঞ্জী:
১/ ঠাকুৰ, নগেন (সম্পা) : এশবছৰৰ অসমীয়া উপন্যাস, জ্যোতি প্ৰকাশন, পানবজাৰ গুৱাহাটী, প্ৰথম প্ৰকাশ,২০০২
২/ দাস, অমলচন্দ্ৰ (সম্পা) : অসমীয়া উপন্যাস পৰিক্ৰমা, বানলতা, গুৱাহাটী প্ৰথম সংস্কৰণ, ২০১২
৩/ ভৰালী, শৈলেন(সম্পা) : অসমীয়া উপন্যাসৰ গতি-প্ৰকৃতি , সাহিত্য অকাডেমী ৰবীন্দ্ৰ ভৱন, নতুন দিল্লী, ২০০২
৪/ শৰ্মা, গোবিন্দ প্ৰসাদ : উপন্যাস আৰু অসমীয়া উপন্যাস, ষ্টুডেণ্টছ ষ্টোৰছ, গোলাঘাট, প্ৰথম প্ৰকাশ, ১৯৯৫ ।

সহকাৰী অধ্যাপিকা
থংনকবে মহাবিদ্যালয়, ডকমকা