Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

মানৱতা

নিজান আকাশৰ তলত বহি
ভাবো‌ এটি কথা,
মানুহে কয় এই পৃথিৱীত
মানুহেই শ্ৰেষ্ঠ জীৱ ।
আনহাতে আমিতো দেখিছোঁ
মানুহেই মানুহক মাৰে,
আকৌ কোনোবাই ধৰ্মৰ নামতো
মাৰ-পিট কৰে, কিম্বা কটা-কটি কৰে
এইয়াই নেকি জীৱ শ্ৰেষ্ঠ মানুহ !
কিয় কয়, কাক কয়?
মানুহৰ নাই মানৱতা,
নাই বিবেচনা।
কেৱল চাৰিওপিনে
হিংসা আৰু প্ৰতি হিংসা।

🖋️ ঊষা দৈমাৰী