Ankuran
১। ঈশ্বৰৰ কোনো ধর্ম নাই। – মহাত্মা গান্ধী।২। দুর্বলে কেতিয়াও ক্ষমা কৰিব নোৱাৰে। একমাত্র শক্তিমানৰ পৰাহে ক্ষমা পোৱাটো সম্ভৱ। —মহাত্মা গান্ধী।৩। ত্যাগৰ দ্বাৰাহে প্ৰকৃত শান্তি ভোগ কৰিব পাৰি। – উপনিষদ।৪। মাতৃয়ে নিজৰ সন্তানক যেনেকৈ ভাল পায় ঠিক তেনেকৈ সমগ্র পৃথিৱীখনক ভাল পাবলৈ শিকিবা। – বুদ্ধদেৱ ৫। ভয়ৰ জৰিয়তে জন্ম হোৱা ভক্তি কচুপাতৰ পানীৰ দৰেই ক্ষন্তেকীয়া।-হেম বৰুৱা।৬। সঁচা কথা সাহসেৰে সোৱাদ লগাকৈ লিখিব আৰু ক’ব পৰাটোৱেই আজিৰ যুগৰ শ্রেষ্ঠ সাহিত্য।-লক্ষ্যধৰ চৌধুৰী।৭। সুস্থ দেহত সুস্থ মনৰ বিকাশ ঘটোৱাটোৱেই শিক্ষাৰ উদ্দেশ্য। —এৰিষ্ট’টল।৮। আজিৰ কাম কাইলৈ কৰিম বুলি পেলাই নথ’বা। কাৰণ কাইলৈ তোমাৰ অৱস্থা কি হ’ব তুমি নাজানা।- হজৰত মহম্মদ।
মনজিলা খাকলাৰী