Ankuran
১/ সময়েই হ’ল মানুহৰ আটাইতকৈ মূল্যবান সম্পদ, কাৰণ সময় এবাৰ গ’লে কেতিয়াও ঘূৰি নাহে। – টমাচ্ আলভা এডিচন
২/ আমি যাক সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। – গুৰু নানক
৩/ নিজে সৎ হোৱা, তেতিয়া নিসন্দেহে কব পাৰিবা যে পৃথিৱীৰ পৰা অন্ততঃ এজন অসৎ লোক কমি গৈছে। – থমাছ কাৰ্লাইল
৪/ আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ’ব তুমি নাজনা। – হজৰত মহম্মদ
৫/ নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা। – বেঞ্জামিন ফ্ৰেংকলিন
৬/ জাবৰ সাৰিলে ঠাই যিদৰে পৰিষ্কাৰ হয় তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয়।: হেম বৰুৱা
৭/ যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়, যিজনে নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেওঁয়েই প্ৰকৃত অন্ধ। : মহাত্মা গান্ধী
৮/ শিক্ষক এডাল মমবাতিৰ দৰে, যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে : সৰ্বপল্লী ৰাধাকৃষ্ণণ
৯/ নিজক জ্ঞানী বুলি ভবা জনেই হ’ল আচল মূৰ্খ : ভল্টেয়াৰ
১০/ শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব, অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। – চাণক্য
জেউতি কিলিংপিপ্ৰাক্তন ছাত্ৰী
নিপ্ৰা বসুমতাৰী,প্ৰাক্তন ছাত্ৰী