Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ‘কৰতল কমল‌'ৰ
অসমীয়া ভাঙনি

কৰতল কমল ( হাতৰ তলুৱা পদুমৰ দৰে )
কমল দল নয়ন ( চকু পদুমৰ পাহীৰ দৰে )
ভৱদৱ দহন ( স‌ংসাৰৰ দূখ নাশ কৰোঁতা )
গহন বন শয়ন (গভীৰ বনত শয়ন কৰা )
নপৰ নপৰ পৰ ( মাটিত ভৰি পৰা নপৰাকৈ শ্ৰেষ্ঠজন )
সতৰত গময় ( সততে গমন কৰে )
সভয় মভয় ভয় ( ভয়ৰ পৰা অভয় দান কৰোঁতা )
মমহৰ সততয় ( সদায় অহংকাৰ হৰণ কৰা )
খৰতৰ বৰশৰ ( ক্ষিপ্ৰ ভাৱে শৰ বৰ্ষণ কৰি )
হতদশ বদন ( ৰাৱণ বধ কৰোঁতা )
খগচৰ নগধৰ ( গড়ুৰত উঠাজন আৰু গোৱৰ্দ্ধন ধাৰণ কৰাজন )
ফণধৰ শয়ন ( সাপৰ ওপৰত শয়ন কৰা জন )
জগদঘ মপহৰ ( জগতৰ পাপ মোচন কৰা )
ভৱভয় তৰণ ( সংসাৰৰ ভয়ৰ পৰা ত্ৰাণ কৰা )
পৰ পদ লয় কৰ (শ্ৰেষ্ঠ জনৰ পদত লয় কৰা )
কমলজ নয়ন ( পদুমৰ দৰে চকু )

গীতাঞ্জলি ক্ৰপী

প্ৰাক্তন ছাত্ৰী ( ২০১৩)