Ankuran
মই কুশলে আছোঁবুকুত শৰবিদ্ধ হৈদুগালত বৈ অহা কান্দোনৰ চকুপানীবোৰক কবৰ দিমই কুশলে আছোঁ৷
মোৰ নিথৰ চাৱনিশেতা ওঠজুৰি দেখিকোনেও যেন নাভাবেমই দুখত আছোঁমই কুশলেই আছোঁ…!
জীৱন যুদ্ধৰ সাগৰত কতদিন যুজিলোঁহৃদয়ত অপ্ৰাপ্তিৰ হুমুনিয়াহ কতদিন কাঢ়িলোকত ৰাতি উচুপিলোকোনোবাই মোক কেনে আছোঁ বুলি সুধিলে মই বুকুত এচটা শিল বান্ধিৰঙা হৈ যোৱা চকুযুৰি মচি কওঁমই কুশলে আছোঁ..
চাৰিআলিৰ দোকানৰ বাকী পইচাকেইটা দিব থকা দোকানীয়ে যেতিয়া সকলোৰে আগত চিঞৰি কয়..তেতিয়া ভিতৰি ভিতৰিআত্মগ্লানি দৰিদ্ৰতা আৰু অক্ষমতাৰ জুইকুৰাত জ্বলি জ্বলি শেষ হৈয়ো বাহিৰৰ পৃথিৱীখনক দেখুৱাই কওঁমই কুশলে আছোঁ…
সকলোখিনি যোগ্যতা থকাৰ পাছতোযেতিয়া ওচৰৰ সংস্হাটোৰ চাকৰিটোতকেৱল হাজাৰ টকাৰ দৌৰত দৌৰিব নোৱাৰাৰ বাবেই নিজৰ নাম বাচনি তালিকাত নথকা দেখোঁতেতিয়া বহু আশাৰে ৰৈ থকা বিধৱা আইৰ চলচলীয়া দুচকুত চকু থৈ কওঁদুখ নকৰিবি আইমই কুশলে আছোঁ…
জীৱনৰ কন্টকময় পথতইমানবোৰ ঘাত-প্ৰতিঘাত বুকুত গুজিঅতদিনে মই কুশলেই আছিলোঁ কাৰণ ইমানদিনে তুমি মোৰ কাষত ছাঁটোৰ দৰে আছিলা৷
জীৱনৰ আঠাইশটা বসন্ত অতিক্ৰম কৰিলোঁপুৰণি পৃষ্ঠাবোৰ লুটিয়াই চাই দেখোঁবিষাদে তচনচ কৰা কলিজাৰ মাজতোতুমি মোৰ বুকুৰ যেন অন্তৰাত্মা হৈ আছিলা আৰু সেয়ে নোপোৱাবোৰৰ বেদনাত কোঙা হৈয়োমই নিজেই নিজক ক’ব পাৰিছিলো..মই কুশলে আছোঁ…
আজি তোমাৰ বৈবাহিক জীৱনৰ প্ৰথম দিনশুনিছোঁ সম্ভ্ৰান্তঘৰৰ জীয়ৰীৰ সৈতে তোমাৰ আজি মধুৰক্ষণতোমাৰ জীৱনৰ এই মধুৰক্ষণত আজিনো মই কি সতে কওঁমই যে সঁচাকৈয়ে বৰ কষ্টত আছোঁ..দুখৰ হুমুনিয়াহবোৰক কবৰ দিবুকুত এচটা শিল বান্ধিএতিয়াতো আৰু মই কবওঁ নোৱাৰোঁমই কুশলে আছোঁমই কু-শ-লে আ-ছোঁ৷
অসমীয়া বিভাগ