Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

বৰষুণ


বৰষুণ, তুমি নামি আহা
এই পৃথিৱীলৈ—
পৃথিৱীৰ ধাননি, গছ, লতা, তৃণ আদি
তোমাৰ বাবে যেন বাট চাই থাকে।

তুমি নামি আহিলে,
ধৰাৰ বুকুত পুনৰ জীয়াই উঠে
শুকান উদ্ভিদৰ নিস্তব্ধ জীৱন,
নতুন আশাৰে উজলি উঠে
প্ৰকৃতিৰ প্ৰতিটো কোণ।

বৰষুণ, তুমি নামি আহা—
তোমাৰ আশাতেই থাকে প্ৰাণ
উদ্ভিদ, জীৱ-জন্তু, সকলো জীৱ সৃষ্টিৰ।
কোটি কোটি উদ্ভিদক তুমি দিয়া
জীৱনৰ সেউজ দান,
তোমাৰ আশাতেই
এই পৃথিৱীৰ গৰিমা, এই জীৱনৰ গান।

প্ৰথম চাৱনিতে মই কিয় জানো তোমাৰ প্ৰতি
আকৰ্ষি‌ত হৈছো ।
তোমাক দেখাৰ পিছত মোৰ হৃদয় পদূলিত দিনতে
শেৱালী ফুৰিছে
প্ৰথম চাৱনিতে মোৰ মন আকাশ জেঠৰ সোণাৰু ফুলৰ দৰে
হালধীয়া হৈ পৰিছে ।
কিয় জানো তোমাৰ সেই সূৰ্যৰ দৰে উজ্বল মুখখন
তৰাৰ দৰে উজ্বল দুচকু, চকুৰ ওচৰত থকা সেই মৰম লগা‌
তিলটোৱে যেন মোক তোমাৰ প্ৰতি আৰু
বেছিকৈ আকৰ্ষিত কৰিছে ।
তুমি যেতিয়া ওচৰত থাকা, মোৰ বুকুখন
বেছি গতিৰে ধপ্‌ ধপাই, বুকু ভাগৰুৱা হয় ।
কি হৈছে বাৰু মোৰ !
এইয়াই নেকি প্ৰেম ! এইয়াই নেকি ভালপোৱা !
ল’বা নে মৰম ?
বুজিবা নে মৰম ?
প্ৰথম চাৱনিতে মই কিয় জানো তোমাৰ প্ৰতি
আকৰ্ষি‌ত হৈছো ।

🖋️ অৰ্পিতা শীল

প্ৰাক্তন ছাত্ৰী