Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

প্ৰৱন্ধ

বেদান্ত দর্শন আৰু কীৰ্ত্তন ঘোষা

                বেদসমূহ ভাৰতীয় সনাতন হিন্দু ধৰ্মৰ দার্শনিক চিন্তাধাৰাৰ ভেটি। বেদৰ সংহিতা, ব্রাহ্মণ আৰু মন্ত্ৰবোৰৰ তাৎপর্য কালক্ৰমত আৰণ্যক আৰু উপনিষদবোৰৰ মাজেৰে আগবাঢ়ি আহে। উপনিষদ সম্পূর্ণ দর্শন শাস্ত্র নহয়। উপনিষদত আচার্য ঋষিসকলে শিষ্যসকলক যোগ্যতা অনুসৰি পৃথকে পৃথকে বিশ্ব চৰাচৰৰ মূল কাৰণ ব্ৰহ্মা সম্পর্কে জ্ঞান দিবৰ বাবে কৰা ব্যাখ্যা সন্নিবিষ্ট হৈছে। বেদৰ তাৎপর্য বা সিদ্ধান্তৰ প্ৰকৃত বাহক হিচাপে উপনিষদক বেদান্ত আখ্যা দিয়া হয়। আন কথাত, বৈদিক চিন্তাধাৰাৰ ভিত্তিত উপনিষদতেই পোনতে দার্শনিক চিন্তা-চর্চা অংকুৰিত হয় বাবে উপনিষদক বেদান্ত আখ্যা দিয়া হয়। ব্ৰহ্মাসূত্ৰৰ বিচাৰত এঘাৰখন মৌলিক উপনিষদ- ঈশ, কণ্ঠ, কেন, প্রশ্ন, মুণ্ডক, তৈত্তিৰীয়, কৌশিতকী, নাৰায়ণ, ঐতৰেয়, ছান্দোগ্য আৰু বৃহদাৰণ্যক- এই এঘাৰখন উপনিষদেই বেদান্ত। বেদৰ পৰিণতি হিচাপে বেদান্তক ‘উত্তম মীমাংসা’ও বুলি কোৱা হয়।
উল্লেখ কৰা হৈছে যে ,উপনিষদ সম্পূর্ণ দর্শন শাস্ত্র নহয়। উপনিষদত আচার্য ঋষিসকলে শিষ্যসকলক নিজৰ যোগ্যতা অনুসৰি পৃথকে পৃথকে বিশ্ব চৰাচৰৰ মূল কাৰণ ব্ৰহ্ম সম্পর্কে জ্ঞান দিবৰ বাবে কৰা ব্যাখ্যা সন্নিবিষ্ট হৈছে। পৰৱৰ্তীকালত মহর্ষি বাদৰায়ণৰ ‘ব্রহ্মসূত্ৰ’ৰ ভাষ্যৰ ভিত্তিত বেদান্ত ব্যাখ্যাৰ কেইবাটিও ধাৰা গঢ় লৈ উঠে। তাৰ ভিতৰত শংকৰাচাৰ্যৰ ‘অদ্বৈতবাদ’, ৰামানুজাচাৰ্যৰ ‘বিশিষ্টাদ্বৈতবাদ’, মাধৱাচাৰ্যৰ ‘দ্বৈতবাদ’, নিম্বাকাচাৰ্যৰ ‘দ্বৈতাদ্বৈতবাদ’, বল্লভাচাৰ্যৰ ‘শুদ্ধদ্বৈতবাদ’ প্রধান। সাম্প্রতিক দার্শনিক চিন্তা ক্ষেত্রত ‘বেদান্ত’ বুলিলে প্রধানকৈ শংকৰাচাৰ্যৰ ‘অদ্বৈত বেদান্ত’কেই বুজোৱা হয়। শংকৰাচাৰ্যৰ অদ্বৈত বেদান্তই সম্পূর্ণ দার্শনিক সম্প্রদায়, অতি নিপুণ, যুক্তি আৰু নিত্যান্তই সংহতিপূর্ণ উচ্চ দার্শনিক চিন্তাধাৰাৰ নিদৰ্শনৰূপে প্রতিষ্ঠা লাভ কৰি আহিছে। কীৰ্ত্তন ঘোষাত বেদান্ত দর্শনলৈ লক্ষ্য কৰিলে কেতিয়াবা শংকৰাচাৰ্যৰ ‘অদ্বৈতবাদ’ৰ ওচৰ চাপিব লগা হয় আৰু কেতিয়াবা ৰামানুজাচাৰ্যৰ ‘বিশিষ্টাদ্বৈতবাদ’ৰ কাষ চাপিব লগা হয়। শংকৰাচাৰ্যৰ ‘অদ্বৈতবাদ’ অনুসৰি ব্ৰহ্মই একমাত্র সৎ, নিত্য আৰু মুক্ত; বাকীবোৰ সত্যও নহয়, নিত্যও নহয়, মুক্তও নহয়। ‘অদ্বৈতবাদ’ অনুযায়ী ব্রহ্ম নির্গুণ, নিৰবয়ব, নিৰুপাধিক, নির্বিশেষ, সর্বজ্ঞ, সর্বশক্তিমান; জগতৰ উৎপত্তি, স্থিতি আৰু লয়ৰ কাৰণ। ব্ৰহ্ম আৰু জীৱৰ মাজত কোনো পার্থক্য নাই। জীৱও ব্ৰহ্মৰ দৰে মুক্ত আৰু স্বপ্ৰকাশিত। পৰম সত্যস্বৰূপ ব্রহ্ম অদ্বৈত, মায়াৰ কাৰণে তেওঁ দ্বৈত বা বহুৰূপে দৃষ্ট হয়! জীৱৰ বন্ধনৰ কাৰণ হৈছে অবিদ্যা বা মায়া। জ্ঞানৰ দ্বাৰাহে এই অবিদ্যা বা মায়া নাশ কৰিব পাৰি। জ্ঞানৰ দ্বাৰাহে মুক্তি লাভ হয়; অজ্ঞানতাৰ বাবে দ্বৈতজ্ঞান বা ভেদজ্ঞান উদয় হয়। ব্ৰহ্ম আৰু জীৱৰ পৰম অভিন্নতা একত্ব জ্ঞানৰ দ্বাৰাহে উপলব্ধ হয়। এই একত্বৰ উপলব্ধিয়ে মুক্তি। আনহাতে, ৰামানুজাচাৰ্যৰ ‘বিশিষ্টাদ্বৈতবাদ’ অনুসৰি জীৱ ব্ৰহ্মৰ অংশ। জীৱ আৰু জগত ব্ৰহ্মৰ শৰীৰ, ব্ৰহ্ম ইয়াৰ আত্মা। “জীৱ অণু অর্থাৎ ক্ষুদ্র; ব্রহ্ম বিভু অর্থাৎ মহান বা বিশিষ্ট। জীৱ অল্পজ্ঞ, অল্প শক্তিশালী; ব্রহ্ম সর্বজ্ঞ, সর্বশক্তিমান। জীৱ-জগত ব্ৰহ্মৰ পৰাই উৎপত্তি হ’লেও জীৱ আৰু ব্ৰহ্মৰ সম্পৰ্ক জুই আৰু ফিৰিঙতিৰ দৰে। জুইৰ পৰাই ফিৰিঙতি ওলালেও জুই আৰু ফিৰিঙতি পৃথক পৃথক; সেইদৰে জীৱ ব্ৰহ্মৰ পৰা সৃষ্টি হ’লেও ব্রহ্ম আৰু জীৱ পৃথক পৃথক। ‘বিশিষ্টাদ্বৈতবাদ’ অনুসৰি ভক্তিহে মুক্তি লাভৰ একমাত্র উপায়। শংকৰদেৱে তেওঁৰ ৰচনাত জ্ঞান-ভক্তি, নির্গুণ-সগুণ, জীৱ-ব্ৰহ্মৰ মাজত অভেদ স্থাপিত কৰিছে যদিও পুনৰ প্রভেদ দেখুৱাই ভক্তিক জ্ঞানতকৈ আৰু ব্রহ্মক জীৱতকৈ শ্রেষ্ঠ বুলি দেখুৱাইছে।
‘কীৰ্ত্তন ঘোষা’ৰ প্ৰথম পদতে শংকৰদেৱে বেদান্তৰ ব্ৰহ্মকে প্রণাম জনাই এই তত্ত্বৰ প্রতি অবিচল আস্থা প্রকাশ কৰিছে-
“প্ৰথমে প্ৰণামো ব্রহ্মৰূপী সনাতন” ।
শংকৰদেৱে ব্ৰহ্মৰ অদ্বৈত ৰূপক স্বীকাৰ কৰিছে। জীৱ আৰু ব্রহ্মৰ মাজত কোনো পার্থক্য নাই; যিদৰে সুৱৰ্ণ আৰু মুকুট কুণ্ডলৰ কোনো পার্থক্য নাই-
তোহ্মাৰ অদ্বৈত ৰূপ পৰম আনন্দ পদ
তাতে মোৰ মগ্ন হৌক চিত্ত।

মুকুট কুণ্ডল যেন সুৱৰ্ণৰে ভিন্ন নুহি
মিছা মাত্ৰ নাম ৰূপ যত।
অহঙ্কাৰ পঞ্চভূত তোহ্মাৰ পৃথক নুহি
প্রভু পৰমাৰ্থ বিচাৰত।। (১৬৭০ কীৰ্ত্তন-বেদস্তুতি)

ব্রহ্মক এক, অদ্বিতীয় ঈশ্বৰ- ‘একমেবাদ্বিতীয়ম’। তেওঁৰ ব্যতিৰেকে আন কোনো নাই; তেওঁৱে এই চৰাচৰৰ সমস্ত কাৰ্যকাৰণৰ আধাৰ স্বৰূপ; তেওঁৱে কেৱল সত্য আন সকলো মিছা-
তুমি পৰমাত্মা জগতৰ ঈশ এক।
একো বস্তু নাহিকে তোহ্মাক ব্যতিৰেক।। ৫১৯
তুমি কাৰ্যকাৰণ সমস্ত চৰাচৰ।
সুৱর্ণে কুণ্ডলে যেন নুহিকে অন্তৰ।।
তুমিহে কেৱল সত্য মিছা সবে আন।
জানি জ্ঞানীগণে কৰৈ হৃদয়ত ধ্যান ।। ৫২২ (কীৰ্তন – হৰমোহন)
তেনেকৈ,
তুমি সত্য ব্ৰহ্ম তোহ্মাত প্রকাশে
জগত ইটো অসন্ত।
জগততো সদা তুমিয়ে প্ৰকাশা
অন্তৰ্য্যামী ভগৱন্ত।। ১৬৬২ (কীৰ্ত্তন-বেদস্তুতি)

নাইবা,
অসন্ত জগতখন তোহ্মাত উদ্ভৱ ভৈল
সন্ত হেন প্রকাশৈ সদায়।
কৰ্ম্মজড় মনুষ্যৰ মন মগ্ন ভৈল তাতে
বেদৰ নুবুজৈ অভিপ্রায়।। ১৬৬৯ (কীৰ্ত্তন-বেদস্তুতি)
জীৱ আৰু ব্ৰহ্ম অভেদ। মায়াৰ কাৰণেহে ভেদ প্ৰতীতি হয় —
নিত্য নিৰঞ্জন স্বপ্রকাশ আত্মা এক।
মায়া উপাধিৰ পদে দেখিয়ো অনেক।।

তেনেকৈ,
যত দেখা যত শুনা যতেক মনত গুনা
সবে মায়াময় স্বপ্ন সম।
সমস্তে জগত হৰি জানিবা নিশ্চয় কৰি
গুচায়ো বুদ্ধিৰ ইটো ভ্রম।। ১৮১৫ (কীৰ্ত্তন-শ্রীকৃষ্ণৰ বৈকুণ্ঠপ্রয়াণ)

ব্রহ্ম সত্য, জগত মিথ্যা। ব্রহ্ময়ে এক মূল সত্য, বাকী সকলোবোৰ মিছা। অজ্ঞানতা বা মায়াৰ বাবে জীৱই সেই সত্য উপলব্ধি কৰিব নোৱাৰে; নামৰূপ ব্রহ্মাণ্ডকে সত্য বুলি ভাবে। ইয়াৰ কাৰণ মায়া। মায়াই ব্রহ্মক বা সত্যক লুকাই ৰাখে আৰু অসত্য জগতখনকে সত্য বুলি দর্শায়। ‘দুস্ত্যজ’ মায়াৰ বাবে বিষয়ৰ দুখ জানিও মানৱে তাকেই সত্য বুলি ভাবি দুখকে ভুঞ্জি মৰে-


জানিলো তুমি সঁচা আন যত সেবা মিছা
তথাপি দুস্ত্যজ মোহ মায়া।। ১৮১৬
বিষয়ৰ দুখ জানি তথাপিটো একো প্ৰাণী
নেৰে দুনাই তাকে ভুঞ্জি মৰে।
জ্ঞানৰ দ্বাৰাহে এই অবিদ্যা বা মায়া নাশ কৰিব পাৰি। জ্ঞানৰ দ্বাৰাহে মুক্তি সম্ভৱ৷ ব্রহ্ম আৰু জীৱৰ পৰম অভিন্নতা একত্ব জ্ঞানৰ দ্বাৰাহে উপলব্ধ হয়। এই একত্বৰ উপলব্ধিয়ে মুক্তি।
‘কীৰ্ত্তন ঘোষা’ত শংকৰদেৱে বেদান্তৰ ব্ৰহ্মকে সর্বপ্রথম প্রণাম জনাই এই তত্ত্বৰ প্ৰতি অবিচল আস্থা প্রকাশ কৰিছে, আনহাতে সৰ্বঅৱতাৰৰ কাৰণ নাৰায়ণ বুলি অৱতাৰবাদ মানি লৈছে-
প্ৰথমে প্ৰণমো ব্ৰহ্মৰূপী সনাতন।
সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ।।
তযু নাভি কমলত ব্রহ্মা ভৈলা জাত।
যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত।। ১
সাধুসকলৰ পৰিত্ৰাণৰ অৰ্থে আৰু ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে ভগৱানে প্রকৃত দেহ ধাৰণ কৰি এই ধৰা ধামত অৱতীৰ্ণ হয়। গতিকে ঈশ্বৰ অব্যক্ত হৈয়ো ব্যক্ত; নিৰাকাৰ হৈও সাকাৰ; নিৰ্বিশেষ হৈয়ো সবিশেষ।
জীৱ ব্রহ্মৰে অংশ; কিন্তু মায়াৰ কাৰণেই পৰমাত্মাৰ অংশ জীৱসমূহে পৰমানন্দ স্বৰূপ পৰমাত্মাৰ পৰা বিচ্ছিন্নহৈ সংসাৰ সাগৰত কক্‌বকাই অনেক দুখ-যাতনা ভোগ কৰে। মায়াৰ কাৰণে পৰমাত্মাক উপলব্ধি কৰিব নোৱাৰে। এই মায়াৰ বন্ধনৰ পৰা মুক্তিৰ একমাত্র উপায় হ’ল ঐকান্তিক ভক্তি। ভগৱানৰ চৰণত শৰণ লৈ একান্ত ভক্তিৰ দ্বাৰাহে মায়াৰ বন্ধনৰ পৰা মুক্তি পাব পাৰি। সেয়েহে-
তোহ্মাৰ কটাক্ষ দৃষ্টি পায়া নৃত্য কৰৈ মায়া
ভৰি তুলি মৰ্দ্দে মোৰ মাথ।
পৰম আতুৰ হুয়া তোহ্মাত শৰণ লৈলো
মায়াক নিবাৰ জগন্নাথ। ১৬৭০ (কীর্তন-বেদস্তুতি)
ভক্তিয়ে হ’ল ভগৱান প্রাপ্তিৰ একমাত্ৰ নিৰুপম পথ। তপ, জপ, যাগ-যজ্ঞ সকলো বৃথা; কেবল ভক্তিতহে ভগবান সন্তুষ্ট হয়-
তপ জপ যজ্ঞ দান সবে বিড়ম্বন
কেৱল ভক্তিত তুষ্ট হোন্ত নাৰায়ণ।। ৩৮০ (কীৰ্ত্তন-প্রহ্লাদ চৰিত)
ভক্তিয়েহে মুক্তি দিব পাৰে; জ্ঞানতকৈয়ো ভক্তিহে শ্রেষ্ঠ-
মুকুতি ৰসকো শ্রৱৈ তোহ্মাৰ ভকতি।
তাক এৰি যিটো জ্ঞানপথে কৰে ৰতি।।
ক্লেশ মাত্ৰ পাৱৈ সিটো নিষ্ফল প্ৰয়াসে।
বাহানে পতান যেন তণ্ডুলক আশে।। ৭৪৫ (কীৰ্ত্তন-শিশুলীলা)
সনাতন হিন্দু ধৰ্মৰ মূল মাৰ্গ চাৰিটাৰ ভিতৰত ভক্তিয়ে শ্রেষ্ঠ মার্গ। প্রকৃত ভক্তই মুক্তি সুখকো বাঞ্চা নকৰে ভক্তিহে বিচাৰে-
নামাগুহো সুখ ভোগ নলাগৈ মুকতি।
তোহ্মাৰ চৰণে মাত্ৰ থাকোক ভকতি।। ৫২২ (কীৰ্ত্তন-হৰমোহন)
এনেদৰে শংকৰদেৱৰ ভক্তি ধৰ্মৰ দার্শনিক ভিত্তি ‘অদ্বৈতবাদ’ আৰু ‘বিশিষ্টা দ্বৈতবাদ’ৰ সমন্বয়ত গঢ়ি উঠা যেন লাগে। সেয়া হ’লেও এই ধৰ্মৰ দৰ্শন যথার্থতে বেদান্তৰ ব্ৰহ্ম আৰু গীতাৰ কৃষ্ণৰ অভেদত্বৰ উপাদানেৰে গঢ়ি উঠিছে বুলি ক’লে অত্যুক্তি কৰা নহ’ব। তাত্ত্বিক বিচাৰত বেদান্তৰ ব্রহ্মই লক্ষ্য আৰু ভাগৱতৰ কৃষ্ণ মাধ্যম। ভক্তিৰ প্রায়োগিক বিচাৰত “কৃষ্ণস্তু ভগৱান স্বয়ম”।
“শংকৰদেৱে কোনো দর্শন প্রতিষ্ঠা কৰি যোৱা নাই। সেয়া হ’লেও তেওঁৰ নাম ধর্ম নিঃসন্দেহে এটি দর্শনৰ ওপৰত প্রতিষ্ঠিত। উপনিষদৰ ব্ৰহ্মা আৰু ভাগৱতৰ কৃষ্ণৰ মাজত, তত্ত্ব আৰু বোধৰ মাজত, জ্ঞান আৰু ৰসৰ মাজত, নির্গুণ ব্রহ্ম আৰু সগুণ ঈশ্বৰৰ মাজত, ৰূপ আৰু অৰূপৰ মাজত, ব্যক্ত আৰু অব্যক্তৰ মাজত তেওঁ কোনো ভেদ ৰখা নাই। তেওঁ ব্যক্ত নকৰাকৈয়ে যে ‘অভেদ ভক্তিবাদ’ৰ এটি দার্শনিক সুদৃঢ় ভেটি প্রতিষ্ঠা কৰি গৈছে সেই বিষয়ে সন্দেহ নাই। এতেকে তেওঁৰ নামধৰ্মৰ দার্শনিক আধাৰ হ’ল ‘অভেদ ভক্তিবাদ’। উপনিষদ তথা গীতা ইয়াৰ ভেটি, ভাগৱত পুৰাণ হ’ল সৌধ”। (নগেন শইকীয়া – বিষয় শংকৰদেৱ, ২০১১ / পৃঃ ৫৬।)

 

############

শ্রীজিৱীত বসুমতাৰী (২০১৫)