বন্ধুত্ব শব্দটো শুনাত সামান্য যদিও ইয়াৰ গভীৰতা সাগৰৰ সমান। য’ত বিশ্বাস, আন্তৰিকতা, সহযোগিতা আৰু প্ৰতিশ্ৰুতিৰে ভৰা। এই সম্পৰ্কত নাথাকে কোনো ধাৰ-ঋণৰ হিচাপ। জীৱন বাটত বন্ধু হেনো অক্সিজেন। ঘৰত মাৰ আগত কব নোৱাৰা কথাষাৰ যে সেই ব্যক্তিজনৰ আগত ৰ্নিভয়ে কব পাৰোঁ। জীৱনত প্ৰকৃত বন্ধু এজন পোৱাটো সচাঁকৈ ভাগ্যৰ কথা। বন্ধুত্বৰ এই সম্পৰ্কটো জীৱন পথত পৃথক পৃথক শ্ৰেণীত গঢ়লৈ উঠে, সেয়ে বহুতৰে কাৰণে বন্ধুত্বৰ সংজ্ঞাও পৃথক। নিৰ্ভেজাল মৰমবোৰো এই সম্পৰ্কতেই যে আছে। ইজনে সিজনক লগ পালে জীৱনৰ গতিকো পাহৰিব পৰা। দিনত নিজৰ কৰ্ম-কৰ্তব্য পালন কৰি ৰাতিৰ কোলাত সুখ দুখৰ কথা পাতি দুয়ো আপোন পাহৰি আকাশৰ সমস্ত তৰাৰে ৰঙীণ মঞ্চ এখন সজাই তোলাই বন্ধুত্ব। যাৰ লগত নাথাকে কোনো তেজৰ সম্পৰ্ক৷ তথাপিও তেওঁ যে হিয়াৰ অন্তৰংগ, আত্মীয় নহৈও তেওঁ আত্নীয়তকৈও আপোন, প্ৰিয়জন নহলেও প্ৰিয়জনকৈ বেছি বিশ্বাসী।এক আকলোৱা মৰমেৰে বিশ্বাসৰ ভেটিত গঢ় লোৱা এই সম্বন্ধত আছে মাথোঁ ত্যাগ আৰু ভালপোৱাৰ প্ৰতিশ্ৰুতি। বয়স বাঢ়ি যায় কিন্তু এই সম্পৰ্ক হেৰাই নাযায়। বহুদিন সংস্পৰ্শত নাথাকিলেও মনৰ ভিতৰত থাকি যায় ভাল লগা দিনৰ স্মৃতি যিয়ে আঁতৰত থকাৰ আকোলতা বোৰ পূৰণ কৰি তুলে। যেতিয়া সৰু আছিলো তেতিয়া বন্ধুত্বৰ এনাজৰীডাল গঢ়িছিল একেলগে খেলা-ধুলা কৰা, একেলগে গাঁৱত ফুৰা-চকা কৰা বা বিদ্যালয়-মহাবিদ্যালয়ত একেলগে পঢ়া লোকৰ মাজত। তাৰোপৰি বয়স বাঢ়ি অহাৰ লগে লগে বিভিন্ন সূত্রে বহুতৰ লগত সুসম্পৰ্ক গঢ়ি একো একোটা সম্বন্ধ স্থাপন হৈছিল। জীৱনৰ দলিলত বহুত বন্ধু-বান্ধৱীয়ে বহু সময়ত ভূমুকি মাৰিছে, স্কুল পৰ্য্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্য্যায়লৈ বা বৰ্তমানলৈকে। বিভিন্ন সময়ত বিভিন্ন প্ৰতিজ্ঞা কৰা বন্ধু-বান্ধৱী সকলৰ পিছৰ পৰ্য্যায়ত বেলেগ এটা ৰূপ দেখাৰ মোৰ সৌভাগ্য হৈছিল। কোনোবাই যদি বিয়াৰ পিছত, কোনোবাই চাকৰি পোৱাৰ পাছত, কোনোবাই আকৌ জীৱনৰ বাটত আগবাঢ়ি যোৱাত নতুনৰ আগমনত, কোনোবাই আকৌ তৃতীয় জনৰ কথাৰ সন্ধানত ভূল বুজনিৰে মনত জেওৰা সাঁজি সন্মুখত পৰিলে বা গাত গা লাগিলেও মাতিব বিছৰা নাছিল। সেয়া মোৰ বাবে আজিও বিচাৰ্য্যৰ বিষয় হৈ ৰ’ল। অপ্ৰিয় হ’লেও কথাষাৰ যে সত্য। কিন্তু তাৰ বিপৰীতে কিছু বন্ধু-বান্ধৱী এতিয়াও আছে যিয়ে বন্ধুত্বৰ এনাজৰী ডাল এতিয়াও সজীৱ কৰি ৰাখিছে আৰু তাৰ মাজতে কেইজনমান বিশেষ ব্যক্তি আছিল যিয়ে বন্ধুত্বৰ মূল অৰ্থ মোক অনুভৱ কৰাইছিল—
বন্ধুত্ব হেনো এক প্ৰকৃত বন্ধন। ইয়াৰ কোনো সন্দেহ নাই, য’ত আমি জীৱন পথত বহুত লোকক লগ পাওঁ কিন্তু আমি দেখা পাওঁ যে খুব কম লোকেই আমাৰ জীৱনৰ সৈতে জড়িত হৈ থাকে আৰু আমাৰ জীৱন সহজ কৰি তোলে। তেওঁলোকে আন কাৰোবাতকৈ ভাল পৰামৰ্শ দিয়ে আৰু জীৱনৰ প্ৰতিটো বিন্দুত লগত থিয় দিয়ে। গুৰুত্বপূৰ্ণ কথাটো মোক অনুভৱ কৰাইছিল যে- প্ৰকৃত বন্ধুত্বত ইজনে-সিজনক একোৰে ওপৰত আধাৰিত কৰি বিচাৰ নকৰে। এই সম্পৰ্কত কেৱল প্ৰেম, সুখ, শ্ৰদ্ধা, সন্মান ইজনে-সিজনৰ প্ৰতি থকা টান অনুভৱ কৰাই। বন্ধুত্বই আমাৰ জীৱনৰ কঠিন বাটত শক্তিশালী হৈ থাকি জীৱনত সুখী হোৱাৰ অনুভৱ কৰাৰ এক শক্তিশালী কাৰণ দিবলৈ অনুপ্ৰাণিত কৰে। এটা ভাল পৰিয়াল থকাটো যিদৰে গুৰুত্বপূৰ্ণ ঠিক সেইদৰে জীৱনত সুখী থাকিবলৈ এজন প্ৰকৃত বন্ধুৰ প্ৰয়োজন। কিয়নো ইয়ে আমাক জীৱনৰ কিছুমান মহান পাঠ শিকায়, যিখিনি আমি ইয়াৰ বাহিৰে আন কোনো ঠাইৰ পৰা আয়ত্ব কৰিব নোৱাৰো। সমস্যাত পৰাৰ পৰা ধৰি সমস্যাবোৰৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে তাক শিকোৱাৰ লগতে আমাৰ দুৰ্বলতাবোৰক উপলব্ধি কৰাই যাতে আমি ভুলবোৰক শুধৰাই আঁতৰ কৰি পেলাব পাৰো।বন্ধুত্বই ধৈৰ্য্যৰ প্ৰকৃত অৰ্থ শিকায়। বন্ধুত্বই আমাক প্ৰতিটো কামৰ বাবে উৎসাহ দিয়ে লাগিলে সেই কাম ভালেই হওঁক বা বেয়াই হওঁক। ই আমাক কঠিন সময়ত পৰীক্ষা কৰে আৰু আমাৰ বিকাশত সহায় কৰে। মই বিশেষ নাজানোঁ তথাপি বন্ধুত্বৰ এটা উদাহৰণ আগবঢ়াইছো-“আমাৰ গাঁওবোৰত বন্ধুত্বক লৈ এক সামাজিক বান্ধোন আছে। গাওঁ অঞ্চলত বিবাহৰ পূৰ্বে বা বিবাহ কৰাৰ পাছত গুৰুৰ ওচৰত শৰণ লোৱাৰ নিয়ম আছে। অসমীয়া সমাজ জীৱনত শৰণ লোৱাটো এক এৰিব নোৱাৰা নিয়ম। সেই সময়তে মনে মিলা দুজন লোকৰ মাজত আন এক বন্ধুত্বৰ সম্পৰ্ক গঢ়ি দিয়া হয়, সামাজিক ভাবে তেওঁলোক হৈ পৰে হৰিভকত। তেখেত সকলে শৰণ লৈ হৰিভকত হোৱাৰ পাছত পৰৱৰ্তী সময়ত তেওঁৰ বন্ধুৰ সুখে-দুখে সদায় কাষত থাকে। হৰিভকত মানেই গাঁও সমাজত এক ডাঙৰ সম্পৰ্ক। হৰিভকতৰ ঘৰত কিবা সকাম হলে আনজন হৰিভকতে দহোবন কাটি কৰি তেওঁৰ ঘৰত, তেওঁৰ কাষত থাকেগৈ”। এই সম্বন্ধত আছে এৰাব নোৱাৰা আন্তৰিকতা আৰু টান। বন্ধুত্বৰ এই বান্ধোন বজাই ৰাখিবলৈ আৰু অব্যাহত ৰাখিবলৈ সততাই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ আহিলা। ইজনে সিজনৰ সৈতে থকা সহনশীলতা আৰু ধৈৰ্য্য হৈছে দীৰ্ঘম্যাদী বন্ধুত্বৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। জীৱনত বহুত কিবাকিবি চলি থকাৰ সময়ত বা ভাঙিপৰাৰ সময়তে, ৰৈ যোৱাৰ সময়তে যে নোকোৱাকৈ বুজি পাই কয়, ‘মই আছোঁ’, এই কথাষাৰে যে আকাশৰ সমস্ত জোনাক বুকুৰ মাজত ফুলাই তোলে-এয়াও বন্ধুত্বৰ এক ৰূপ আৰু এই ৰূপতে তেওঁ বিশেষ আৰু প্ৰিয় হৈ পৰে। তেওঁলোক কাষত নথকাৰ সময়তো অনুভৱ হয় তেওঁলোকৰ উপস্থিতি- ছাগৈ এয়াই বন্ধুত্ব। তেওঁলোকৰ মাত কথা, তেওঁলোকৰ আচাৰ-আচৰণ সকলোবোৰ যে ছবিৰ দৰে ভাহি উঠে এয়াই চাগৈ বন্ধুত্বৰ গভীৰতা। কেতিয়াবা মনটো বেয়া লাগিলেও আবেলিৰ বুকুত সকলো পাহৰাই দিয়াই বন্ধুত্ব। বুকুত এজাক এন্ধাৰ সাঁচা আছে বুলি জানিও ৰঙেৰে মেলা পাতে, যাতে হাঁহিৰ এটা ডেও তুলিব পাৰে, বাৰে বাৰে বুজায় যে এন্ধাৰ মানেই শেষ নহয়, এন্ধাৰ এক আৰম্ভণি, নতুন অহাৰ বাতৰি। কিন্তু বৰ্তমান বন্ধুত্বৰ পৰিসৰ এতিয়া বৃদ্ধি পাইছে, ছচিয়েল মিডিয়া বৰ্তমান যোগাযোগৰ মূল মাধ্যম হৈ পৰিছে। সময়ৰ সোঁতত ব্যস্ততাৰ পাকত পৰি নিজৰ প্ৰিয় চিনাকিজন অচিনাকি হোৱাৰ বাট লৈছে। আমি অনুভৱ কৰোঁ তেওঁ যে দিনে দিনে দূৰলৈ গৈ আছে তাৰ পাছতো আমি মৌন হৈ ৰৈ থাকোঁ, কেতিয়াবা যদিও কৈ চাওঁ ‘তুমি সলনি হৈছা’ তেওঁৰ উত্তৰ-‘একেই আছোঁতো’। নজনাকৈয়ে লাহে লাহে দূৰত্ব বাঢ়ি যায়। বন্ধুত্বৰ পূৰ্বমাদকতা এতিয়া যেন ক’ৰবাত হেৰাই যাব ধৰিছে। মানুহৰ স্বাৰ্থৰ মাজত বন্ধুত্বৰ পবিত্ৰ সম্পৰ্কৰ মৰ্য্যাদা আৰু বিশ্বাসযোগ্যতা হেৰাই যাব ধৰিছে, বন্ধুৰ এই সম্পৰ্কীয় দৃষ্টিকোণ নিৰ্ভৰ কৰে,সময় গতিশীলতাৰ ওপৰত। বেছি দিন ব্যৱহাৰ নকৰিলে লোহাতো মামৰ লাগে, সেইদৰে বেছিদিন আঁতৰি থাকিলে সম্পৰ্কবোৰত ঘূণে নধৰিবনো কিয়? বন্ধুৰ সৈতে জড়িত হৈ থকা আৱেগ,আনন্দ, বুজা-বুজিত কেতিয়াবা বিষাদো সংযুক্ত হৈ পৰে। বিশ্বাস, শ্ৰদ্ধা আৰু সন্মান নাথাকিলে বন্ধুত্বৰ কোনো মূল্য নাই। বন্ধু মানেইতো বিশ্বাস আৰু আশা। বন্ধু মানে সকলো কথা ক’ব পৰা এজন ব্যক্তি। কিন্তু তাৰ মাজতে এই সম্বন্ধৰ গইনা লৈ কিছু বন্ধুৱে প্ৰতাৰণা কৰে। কিন্তু তাৰ বিপৰিতে বাটে-পথে লগ পালে কিছু সংখ্যকে হাঁহিৰ টোপোলা এটা লৈ বন্ধুত্বৰ নামদি সম্বোধনো কৰে। আঁতৰৰ পৰা দেখাত আচৰিত লাগিলেও সম্বোধনে বন্ধুত্বৰ অন্য এক মৰ্যদাপূৰ্ণ ৰূপ ডাঙি ধৰে। এসময়ত মোৰ মনত বহুত প্ৰশ্ন উদ্ভৱ হৈছিল যে- বন্ধু নহ’লে জীৱন অসহায় নেকি? নচলিব নেকি জীৱন? ক’ত বিছাৰি পাম তেনে এজন ব্যক্তি?- সময় সোঁতত লাহে লাহে সকলো প্ৰশ্নৰ উত্তৰ অনুভৱ কৰিলোঁ “ প্ৰতিজন মানুহেইচোন ক’ব নোৱাৰাকৈয়ে এই সম্বন্ধৰ মাজত আবদ্ধ হৈ আছে, হয় বন্ধুত্ব হব পাৰে কিতাপৰ সৈতে, মা’ৰ সৈতে, শিক্ষাগুৰুৰ হৈতে, একেলগে কৰ্ম জীৱনৰ কৰ্মকৰ্তাৰ সৈতে, জীৱন পথত লগপোৱা অচিনাকি কোনোবা এজন ব্যক্তিৰ সৈতে আৰু ইয়াৰ মাজতেই মনৰ অতিকৈ প্ৰিয় বস্তু বা ব্যক্তি হৈ পৰে।যাৰ বাবে সকলো কৰিব পাৰোঁ। সামাজিক দৃষ্টিভংগীৰে বন্ধুত্বৰ সংজ্ঞা পৃথক হব পাৰে কিন্তু বন্ধুত্বৰ উদ্দেশ্য একেই।
সেয়ে সমাজত বিতৰ্কলৈ নগৈ মোৰ ব্যক্তিগত অনুভৱৰে বন্ধুলৈ কিছু বাৰ্তা যে- এতিয়া সকলো সলনি হ’ল, সলনি হ’ল যোগাযোগৰ মাধ্যম, সলনি হ’ল মানুহৰ মনবোৰ, তাৰ মাজতে কেনেকৈ হেৰাই যাব দিব পাৰোঁ বন্ধুত্বক। জীৱনৰ জখলা ডাল বগাই যিমানেই আগ বাঢ়িছো প্ৰতিটো স্তৰতে আপোন জনৰ লগ বা সংগ বেলেগ হৈ গৈ থকা দেখিছোঁ। এসময়ত জীৱনৰ আটাইতকৈ মূল্যবান বুলি অনুভৱ কৰাই পিছদিনাই অচিনাকি হৈ সন্মুখত আহা মুখখনো দেখিলো। মানুহবোৰ এনেদৰেই হেৰাই থাকে। নতুন আহিলেই পুৰণিক মনৰ পৰা দলিয়াই মোহাৰি পেলায়, প্ৰিয় মানুহবোৰো যাওঁ বুলিয়েই গুচি যাব পাৰে, কোনো উভতি নাহে। কেতিয়াবা নিশা আকালৰ বিষ এটা বুকুৰপৰা ডিঙিলৈকে উজাই আহি চকুৰ আগত স্মৃতিবোৰে লিলা-খেলা কৰে। ৰাতিৰ চকুলো গাৰুটোৱে সামৰি দিনৰ পোহৰক নিদিয়ে জানিব । কেতিয়াবা চকুজুৰিয়ে সোধে আৰু কিমান কান্দিলে বুকুৰপৰা স্মৃতিবোৰ শেষ হ’ব, উত্তৰত তেতিয়া একোৱেই নাথাকে। সকলো সলনি হ’লেও বন্ধুত্বৰ এনাজৰী ডাল নিচিঙিবি ঐ। হেৰাই যাব নিদিবি বন্ধুত্বৰ নিভাঁজ আন্তৰিকতা। মই বৰ আলফুলে হৃদয়ৰ ভঁৰালত সম্পৰ্কবোৰ সামৰি ৰাখিছো৷ ভয় লাগে অ’ কিজানিবা স্বাৰ্থপৰতাৰ আঁৰত সম্পৰ্ক হেৰাই যাব । তেতিয়ানো মই কাৰ সৈতে আওঁৰাম জীৱনৰ কথা। এয়াই যে মোৰ জীৱন বাটত প্ৰেৰনাৰ উৎস হব,য’ত নাথাকিব কৃতিমতা। সেয়ে বিশ্বাসৰ অপমৃত্যু ঘটাই এই পবিত্ৰ সম্বন্ধটোক যাতে মোৰ বা তোমাৰ দ্বাৰা উপলুঙা নহয়। অৱশ্যে ইয়াৰ বিপৰীতে আকৌ বন্ধুৱে বন্ধুৰ কাৰণে জীৱন বিসৰ্জন দিয়া প্ৰতিছবি এখনো আছে, যাৰ কাৰণে হয়তো বন্ধুত্বৰ মাদকতা এতিয়াও হেৰাই যোৱা নাই সমাজৰ পৰা। শেষত বন্ধুলৈ মোৰ আৰু দুশাৰী কথা- একেখন পৃথিৱীৰ কোলাত তুমি-মই আছোঁ। বতাহে কেতিয়াবা তোমাক চুই মোক চুয়ে আৰু কেতিয়াবা মোক চুই তোমাক। কেতিয়াবা নহয় কেতিয়াবা চাগৈ নিশ্চয় দেখা হব। সেইদিনা যাওঁ বুলিয়ে আকৌ আঁতৰি নাযাবা, সেইদিনা আকৌ আমাৰ বন্ধুত্বৰ খৰাং পৰা পথাৰখন সেউজীয়া কৰি তুলিম।সিদিনা আমি দুয়ো দুয়োৰে কথা পাতি দুচকুৰ মুকুতা হৰিম। আমাৰ অতীতৰ বিচ্ছেদ বোৰ আঁতৰত ৰাখি ভাল লগা স্মৃতিবোৰ সুৱৰিম। সেইদিনা আমাৰ মাজত থাকিব মাত্র আবেলিৰ বুকুত আমাৰ দুটাৰ কথা। অপেক্ষাৰ বাটত মৌনহৈ এতিয়াও আছো যে মই ৰৈ……..
তথ্যসংগ্ৰহ-
সৰাফুল- কৌশিক নন্দন বৰুৱা
