Ankuran
মই এজনী সাধাৰণ গাঁৱলীয়া পৰিয়ালৰ ছোৱালী । গাঁৱতে মোৰ জন্ম, গাঁৱৰ বোকা-মাটিৰে খেলি গাঁৱৰ পৰিৱেশতে মই ডাঙৰ-দীঘল হৈছোঁ । ঘৰত মই বিশেষ কাম কৰিব লগা নহয় ,তথাপিও আজৰি সময়ত মাক ঘৰুৱা কাম-বনত অলপ সহায় কৰি দিওঁ । মোৰ গাৱলীয়া মা-দেউতা উচ্চ শিক্ষিত নহ’লেও কিন্তু শিক্ষাৰ প্ৰতি খুব আগ্ৰহ আছিল । সেয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত গাৱঁৰ পৰা প্ৰায় ১৫-২০ কি.মি দূৰত অৱস্থিত থং নকবে মহাবিদ্যালয়ত মোৰ নামভৰ্তি কৰাই দিছিল । স্নাতক পৰ্যায়ত মই অসমীয়া বিষয়টো গুৰু বিষয় হিচাপে নিৰ্বাচন কৰি লৈছিলোঁ।
বিভাগলৈ আহি ৰুমী শইকীয়া বাইদেউক ল’গ পাইছিলোঁ । বাইদেউ অসমীয়া বিভাগৰে এগৰাকী সহকাৰী অধ্যাপিকা । বাইদেউৰ ক্লাছ কৰি আমাৰ খুবেই ভাল লাগিছিল । তেওঁৰ পাঠদানৰ পদ্ধতিও আছিল খুব আকৰ্ষণীয় । সেয়ে তেওঁৰ ক্লাছৰ বাবে আমি আগ্ৰহেৰে বাট চাই ৰৈছিলোঁ । নিজৰ কৰ্মত ব্যস্ত থাকি ভাল পোৱা তেওঁ এগৰাকী দায়িত্বশীল, মৰমীয়াল, সহনশীল আৰু সাহসী ব্যক্তি । এই ব্যক্তিত্বই মোক তেওঁৰ প্ৰতি আকৰ্ষণ কৰিছিল আৰু লাহে লাহে বাইদেউ মোৰ প্ৰিয় শিক্ষক হৈ পৰিছিল । তেওঁ মোৰ বাবে কেৱল শিক্ষাগুৰুৱে নহয় মই মোৰ মাৰ দৰে অনুভৱ কৰিছিলোঁ । তেওঁ দিয়া প্ৰতিটো গালিয়ে আছিল আমাৰ বাবে আশীৰ্বাদ স্বৰূপ । কাৰণ আমাৰ প্ৰতি থকা সেই শাসন আৰু কঠোৰতাৰ বাবেহে আমি আগুৱাই যাব পাৰিছিলোঁ ।
মহাবিদ্যালয়ৰ পৰা আঁতৰি অহা আজি কেইবাবছৰো পাৰ হ’ল তথাপি আমাৰ প্ৰতি থকা তেওঁৰ সেই মৰম, আন্তৰিকতা আৰু সহযোগিতা আজিও আগৰ দৰেই অনুভৱ হয় । যাৰ বাবে বাইদেউৰ ওচৰত আমি চিৰ কৃতজ্ঞ । বাইদেউ আমাৰ বাবে তেতিয়াও প্ৰিয় আছিল, আজিও প্ৰিয় আৰু আগলৈওঁ প্ৰিয় হৈয়ে থাকিব ।
প্ৰাক্তন ছাত্ৰী, ২০২০