Ankuran
নিৰৱতা মোৰ প্ৰিয় বন্ধু ।আজিৰ এই ব্যস্তময় জীৱনটোত মোৰ নিৰৱে থাকি বৰ ভাল লাগে ।জীৱনৰ স্মৃতিবোৰ মোৰ অতি প্ৰিয়,কিন্তু সেয়া অতীতৰ কথা ।এতিয়া মোৰ মনৰ আৱেগৰ গভীৰতাতমৌনতাই যেন মোৰ সংগী।মই নিৰৱতা ভাল পাওঁ,কিন্তু নিসংগতা নহয়।সময়ৰ গতিত নিজকে আনন্দ মনেৰে এৰি দিছোঁ,এতিয়া নীৰৱতাই মোৰ নিসংগতাৰ সংগী ।
প্ৰাক্তন ছাত্ৰী, ২০২৩