Ankuran
অ’ মা ! আমি থাকিম ক’ত ?মনুষ্যই হাবি-বননি কাটি তহিলঙ কৰিলেঅ’ মা ! আমি থাকিম ক’ত ?নিষ্ঠুৰ প্ৰাণীয়ে স্বার্থৰ বিনে কাৰো ভাষ্য নুশুনেঅ’ মা ! আমি থাকিব পাৰিম নে তাত?অৰণ্যত গছ -গছনি নোহোৱা হ’ল, বৰষুণ দিব ক’তঅ’ মা ! জীয়াই থাকিম নে আমি ?হাবিত পশু-পক্ষী নোহোৱা হ’ল মাতিব বৃষ্টি কোনেঅ’ মা ! আমি জীয়াই থাকিম নে ?স্বার্থপৰ জীৱই হাবি কাটি সাজিছে তিনিমহলীয়া অট্টালিকাঅ’ মা ! আমি থাকিম কত ?ধৰাত প্রকৃতি হৈ জন্ম লোৱা মহা ভুল মোৰঅ’ মা ! আমাৰ এই ধৰাত কোনো অস্তিত্ব নাইব’লা আমি যাওঁগৈ এই ধৰাৰ পৰা ।