Ankuran
দেউতা, মই তোমাক ধন্যৱাদ কেনেকৈ দিওঁ !তোমাৰ উপকাৰ কেনেকৈ বৰ্ণনা কৰোঁ !তুমি যিমান দিলা কোনেওঁ দিব নোৱাৰিলে ।তুমি যিমান বুজিলা কোনেওঁ বুজিব নোৱাৰিলে ।এন্ধাৰ হৈ আছিল মোৰ এই জগতখন দেউতা,তুমিয়ে দিলা উজ্জ্বল ভৱিষ্যতৰ জ্ঞানৰ ভৰাঁল ।সপোন তোমাৰোঁ আছিল কিন্তু পূৰণ কৰিলা আমাৰ,নিজৰ কষ্ট লুকোৱাই গঢ়ি দিলা সঠিক পথ আমাৰ ।মোৰ আটাইতকৈ মৰমৰ,মধুৰ সম্বন্ধ মোৰ দেউতাৰ লগত,যাৰ হাতত ধৰি আজি বুজিব পৰা হ’লোঁ এই সুন্দৰ পৃথিৱীখন ।তুমি এৰি থৈ গ’লা মোক এই ধৰাত চিৰদিনৰ বাবে মোৰ পূজনীয় হৈ,কিন্তু জীয়াই থাকিবা মোৰ অন্তৰত চিৰস্মৰণীয় হৈ ।
প্ৰাক্তন ছাত্ৰী,২০১৪