Ankuran
লিখিব বিচাৰোঁ বহু কবিতাকিন্তু মনলৈ নাহে একো ভাৱনা,ভাবি ভাবিয়েই ভাবি নাপালোঁকি বিষয়ত লিখোঁ কবিতা..!কবিতা লিখিবলৈ চেষ্টা কৰোঁতেই আহি পালেহি বাৰিষা,বাৰিষা ভূঁই ৰোৱাৰ বতৰ ।ভূঁই ৰুবলৈ নগ’লে শুনিব লাগিব মাৰ গালি,কাৰণ মই যে এজনী খেতিয়কৰ জীয়ৰী ।প্ৰখৰ ৰ’দত,বোকা-পানীৰ মাজতভূঁই ৰুই থাকোঁতে ভাৱিলোঁ,ঘৰলৈ গৈ লিখিম কবিতা,ঘৰলৈ আহি ভাৱিলোঁ কি বিষয়তনো লিখোঁ কবিতা…!
প্ৰাক্তন ছাত্ৰী, ২০২০