Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

অন্যান্য শিতান

কুইজ

১/ অসমৰ কোনটো সম্প্ৰদায়ৰ লোকে বাথৌ পূজা পালন কৰে?
উত্তৰ- বড়ো।
‌২/ কাবাডী খেলৰ এটা দলত কিমানজন খেলুৱৈ থাকে?
উত্তৰ- সাতজন (৭ জন) ।
৩/ এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ- ভোগেশ্বৰ বৰুৱা।
৪/ ব্ৰিটিছ চৰকাৰৰ পৰা ‘ছাৰ’ উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ- ছাৰ ছৈয়দ ছাদুল্লা।
৫/ অসম ৰাজ্যিক চলচ্চিত্ৰ ষ্টুডিঅ অসমৰ কোন ঠাইত আছে?
উত্তৰ- গুৱাহাটী (কাহিলীপাৰাত)।
৬/ মানুহ বিহু দিনা নামনি অসমত অন্য কি নামেৰে জনা যায়?
উত্তৰ- বৰ দোমাহী।
৭/ হাল বোৱা জনক হালোৱা বোলে, তেনেকৈ মুগা পালক জনক কি বোলে?
উত্তৰ- মুগাচুংগীয়া।
৮/ অসমৰ কোনখন ঠাইক বস্ত্ৰ নগৰী বুলি কোৱা হয়?
উত্তৰ- শুৱালকুছি।
৯/ বড়ো ভাষাত বাঁহীটোক কি বুলি কোৱা হয়?
উত্তৰ- চিফুং
১০/ ব’হাগ বিহুত বিহুৱতীয়ে ওঁঠত ব্যৱহাৰ কৰা ৰং বিধ কি?
উত্তৰ- বৰ্হমথুৰি
১১/ পেঁপাৰ যি অংশ মুখত লৈ বজোৱা হয় সেই অংশটোৰ নাম কি?
উত্তৰ- চুপহী।
১২/ ক্ৰিকেট খেলৰ ভগৱান বুলি কাক কোৱা হয়?
উত্তৰ- শচীন তেণ্ডুলকাৰ।
১৩/ কি গছৰ কাঠৰ পৰা ক্ৰিকেট বল তৈয়াৰ কৰা হয়?
উত্তৰ- উইল
১৪/ ইংলেণ্ডৰ হৈ টেষ্ট খেলা প্ৰথম ভাৰতীয় খেলুৱৈ গৰাকী কোন ?
উত্তৰ- ৰঞ্জিত সিং।
১৫/ ৰংখেৰ কোনটো জনগোষ্ঠীৰ উৎসৱ?
উত্তৰ- কাৰ্বি জনগোষ্ঠীৰ।
১৬/ মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা খনৰ নাম কি?
উত্তৰ- কাৰ্বি আংলং।
১৭/ লাওখোৱা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
উত্তৰ- নগাঁও।
১৮/ কোনটো শাক পাচলি খালে তেজ পৰিস্কাৰ হয়?
উত্তৰ- কেৰেলা৷
১৯/ কোনখন দেশত প্ৰথম মোবাইল ফোন ব্যৱহাৰ কৰা হৈছিল?
উত্তৰ- জাপান ।
২০/ গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
উত্তৰ- কাৰ্বি আংলং।
২১/ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশ দ্বাৰ বুলি কোনখন চহৰক কোৱা হয়?
উত্তৰ- গুৱাহাটী।
২২/ পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকাটোৰ নাম কি?
উত্তৰ- বুৰ্জ খলিফা।
২৩/ অসমৰ সৰ্বোচ্চ জলপ্ৰপাত টোৰ নাম কি?
উত্তৰ- আকাশী গংগা।
২৪/ অসমৰ আটাইতকৈ ডাঙৰ পুখুৰী টোৰ ‍নাম কি?
উত্তৰ- জয়সাগৰ।
২৫/ অসমৰ সৰ্ববৃহৎ ৰেলষ্টেচন টোৰ নাম কি?
উত্তৰ- গুৱাহাটী।

সংগ্ৰাহক

নিপ্ৰা বসুমতাৰী