Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

অন্যান্য শিতান

কুইজ

১) প্ৰশ্ন : ‘অসম’ শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ কি?
উত্তৰ : অতুলনীয়।


২) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?
উত্তৰ : ৩,১১,৬৯,২৭২।


৩) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা খনৰ নাম কি ?
উত্তৰ : নগাঁও।


৪) প্ৰশ্ন : ২০০১-২০১১ চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান?
উত্তৰ : +১৬.৯৩।

৫) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান?
উত্তৰ : ৭৩.১৮।

৬) প্ৰশ্ন : অসমৰ কোন খন জিলাত পুৰুষ-মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক?
উত্তৰ : গোৱালপাৰা।

৭) প্ৰশ্ন : অসমৰ পুৰণি নাম কি?
উত্তৰ : কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ।

৮) প্ৰশ্ন : ২০০১ ৰ লোকপিয়ল অনুসৰি অসমত মহিলা আৰু পুৰুষৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান?
উত্তৰ : ৫২% আৰু ৪৮%।

৯) প্ৰশ্ন : অসমৰ জাতীয় সংগীতটোৰ নাম কি আৰু ইয়াৰ ৰচক কোন?
উত্তৰ : ‘অ’ মোৰ আপোনাৰ দেশ’ – ৰচক – লক্ষ্মীনাথ বেজবৰুৱা।

১০) প্ৰশ্ন : অসমৰ জাতীয় প্ৰতীক কি?
উত্তৰ : এশিঙীয়া গঁড়।

১১) প্ৰশ্ন : অসমৰ কোন খন জিলাত গৰম পানীৰ উহ আছে?
উত্তৰ : গোলাঘাট।

১২) প্ৰশ্ন : বদৰপুৰ উত্তৰ-পূব ৰেলৱেৰ এটা বৃহৎ জংচন। ই অসমৰ কোন খন জিলাত অৱস্থিত?
উত্তৰ : কৰিমগঞ্জ।

১৩) প্ৰশ্ন : অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে?
উত্তৰ : ২.৩৯ (প্ৰায়) শতাংশ।

১৪) প্ৰশ্ন : অসমৰ মুঠ মাটিকালি কিমান?
উত্তৰ : ৭৮,৪৩৮ (প্ৰায়) বৰ্গ কি:মি:।

১৫) প্ৰশ্ন : অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?
উত্তৰ : ১২৬ খন।

১৬) প্ৰশ্ন : লোক সভাত অসমৰ সদস্য সংখ্যা কিমান?
উত্তৰ : ১৪ জন।

১৭) প্ৰশ্ন : অসমৰ পৰা কিমান জন সদস্যক ৰাজ্য সভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়?
উত্তৰ : ৭ জন।

১৮) প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক’ত অৱস্থিত?
উত্তৰ : যোৰহাট।

১৯) প্ৰশ্ন : কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ?
উত্তৰ : হাফলং।

২০) প্ৰশ্ন : নগাঁৱৰ পুৰণি নাম কি?
উত্তৰ : খাগৰিজান।

২১) প্ৰশ্ন : কাক ‘বনফুলৰ কবি’ নামেৰে জনা যায়?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা।

২২) প্ৰশ্ন : উজনি অসমৰ কোন খন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ ‘দুৱাৰ মুখ’ বুলি কোৱা হয়?
উত্তৰ : ডিব্ৰুগড়।

২৩) প্ৰশ্ন : অসমৰ চাহৰ ৰাজধানী কি?
উত্তৰ : শিৱসাগৰ।

২৪) প্ৰশ্ন : কোন খন ঠাইক ‘মানচেষ্টাৰ অৱ ইষ্ট’ নামে জনা যায়?
উত্তৰ : মাজুলী।

২৫) প্ৰশ্ন : অসমৰ বৰপেটা কিহৰ বাবে বিখ্যাত?
উত্তৰ : কাঠ শিল্প, বাঁহ-বেতৰ শিল্প তথা কাঁহ শিল্পৰ বাবে।

২৬) প্ৰশ্ন : শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ : ১৭৬৫ চনত।

২৭) প্ৰশ্ন : ‘ৰংঘৰ কোনে সাজিছিল?
উত্তৰ : প্ৰমত্ত সিংহই।

২৮) প্ৰশ্ন : অসম ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্থিত?
উত্তৰ : গুৱাহাটীত।

২৯) প্ৰশ্ন : অসমৰ কোন খন ঠাই তৈল নগৰী নামে জনা যায়?
উত্তৰ : ডিগবৈ।

৩০) প্ৰশ্ন : অসমৰ কোন খন ঠাইক ‘শ্বাস্বত প্ৰেমৰ নগৰী’ বুলি জনা যায়?
উত্তৰ: তেজপুৰ

সংগ্ৰাহক

নিবাৰাম বসুমতাৰী
প্ৰাক্তন ছাত্ৰ, ২০২১