Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

অন্যান্য শিতান

কাঞ্চনী
লেখক: লক্ষ্মীনাথ বেজবৰুৱা

এক বুঢ়াৰ সাতোটা পুতেক আছিল। বুঢ়াই পুতেকহঁতৰ সুখ- সন্তোষ দেখিবলৈ নাপালে। পুতেক এটাইকেইটাই খাব-খুটিব পৰা হোৱাৰ আগেয়ে বুঢ়া মৰি গ’ল। বুঢ়ীয়ে ছয়োটালৈ ছোৱালী বিয়া কৰাই আনি অলপমান সুখ- সন্তোষৰ মুখ দেখিছিল কিন্তু তেনেতে তায়ো মৰিল। মাক মৰাৰ পিছত ককায়েকহঁত সাটোতা মিলাপ্ৰীতিৰে একেলগে আছিল। সিহঁতৰ ভিতৰত নুমলীয়াটো ল’ৰা দেখিবলৈ বৰ মোহলগা আৰু কথাই-বতৰাই বৰ ভাল আছিল, সেইদেখি ককায়েক হতে বৰ মৰম কৰিছিল। ককায়েকহঁতে নিজৰ নিজৰ ঘৈণীয়েকহঁতক সিহঁতৰ ধন-বস্তুৰ গৰাকী নাপাতি চতুৰ নুমলীয়া ভায়েককহে গৰাকী পাতিছিল, সেইদেখি বৌৱেকহঁতে পেটে পেটে তাক দেখিব নোৱাৰা হৈছিল। নুমলীয়া দেওৰেকে কোনো বস্তু উলিয়াই নিদিলে বৌৱেকহঁতে কুটা-এগছকো নাপাইছিল আৰু কাকো একু দিব নোৱাৰিছিল। যদিও বৌৱেকহঁতে তাক সমূলি দেখিব নোৱাৰিছিল, তথাপি গিৰীয়েকহঁতৰ ভয়ত কেতিয়াও কোনো কথাতে সিহঁতে তাক হেচটেপ কৰিব নোৱাৰিছিল।
এইদৰে কিছুকাল যোৱাৰ পিছত এদিন এজনী মাগনী বুঢ়ী সিহঁতৰ ঘৰলৈ চাউল মাগিবলৈ আহিছিল। নুমলীয়া দেউৰেক সেই সময়ত ঘৰত নথকা বাবে বৌৱেকহঁতে মাগনী বুঢ়ীক চাউল এমুঠি দিব নোৱাৰি তাইক ক’লে, “বুঢ়ী বাই, আমাৰ দেউৰ কণবোপা ক’ৰবালৈ ওলাই গৈছে, তেওঁ নাহিলে তোক চাউল কোনে উলিয়াই দিব? আমি দিব নোৱাৰোঁ। তেওঁহে সকলো বস্তুৰ গৰাকী।” বুঢ়ীয়ে এই কথা শুনি ক’লে, “আইৰে আই এইটোনো কি কথা? তহঁত দুজনী বোৱাৰী ঘৰত আছ, তহঁত ঘৰৰ ঘৈনী নহৈ মতা ল’ৰাটোহে ধন-বস্তুৰ গৰাকী হ’ল! এনে কথা দেখা শুনা নাইহে।” সিহঁতে বুঢ়ীক ক’লে এৰা বাই, তই নেদেখিলে নুশুনিলেও আমি কুটা এগছৰো নহওহঁক, কি কৰিবি। ককায়েকহঁতে সৰু বোপাক হে গৰাকী পাতিছে।” বুঢ়ীয়ে সিহঁতৰ মন বুজি ক’লে, তহঁতনো ক’ৰ জাধলী তিৰোতা ঐ। তাক গৰাকী ভাঙি তহঁত গৰাকিনী নহৱ কিয়?” সিহঁতে ক’লে, “কেনেকৈ ভাঙিম বুঢ়ী আই?” বুঢ়ীয়ে ক’লে, “মোৰ বুধি শুন যদি আজিয়েই ভাঙিব পাৰ।” সিহঁতে বুঢ়ীৰ কথা শুনিবলৈ বৰ আগ্ৰহেৰে বুঢ়ীৰ ওচৰ চাপি আহি বুঢ়ীক সুধিলত, বুঢ়ীয়ে উঠি গৈ এটা কোট-কোৰা কাঁইট আনি মন্ত্ৰ মাতি জাৰী কাঁইটটো সিহঁতৰ হাতত দি ক’লে, “আজি তহঁতৰ দেউৰ উভতি আহিলে, তহঁতৰ এজনীয়ে তাক ওচৰলৈ মাতি আনি তাৰ ওকণি চাওঁ বুলি বহুৱাই লৈ কোট-কোৰাৰ এই কাঁইটটো তাৰ কাণৰ ফুটাত মাৰি দি কুকুৰ হৈ যা বুলি ক’লেই সি কুকুৰ হৈ গুচি যাব আৰু তহঁত ঘৰৰ ঘৈণী হৈ ধন-বস্তুৰ গৰাকিনী হৈ সুখে-সন্তোষে থাকিব পাৰিবি।” ইয়াকে কৈ বুঢ়ী গুচি গ’ল। সিহঁতৰ নুমলীয়া দেওৰেক আহিলত সিহঁতে বুঢ়ীৰ বুধি মতে তাক ওকণি চাবলৈ মাতি বহুৱাই লৈ তাৰ কাণৰ ফুটাত কাঁইটটো মাৰি তাক কুকুৰ কৰিলে। সি এটা ভতুৱা কুকুৰ হৈ মনৰ দুখত ঘৰৰ পৰা তেতিয়াই ওলাই গুচি গ’ল। গধূলি ককায়েকহঁত আহি ভায়েকক নেদেখি “কণবোপা ক’লৈ গ’ল? বুলি ঘৈণীয়েকহঁতক সুধিলত “আমি কব নোৱাৰোঁ” বুলি সিহঁতে উত্তৰ দিলে। ইয়াৰ পিছত ককায়েকহঁতে ভয়েকক অনেক বিচাৰি ক’তো নাপাই বেজাৰ, অসন্তোষ কৰি থাকিল।
নুমলীয়া ভায়েকটো কুকুৰ হৈ অনেক দেশ ফুৰি ফুৰি শেষত এখন নগৰ ওলালগৈ। সেই নগৰতে এঘৰ মানুহ আছিল, সিহঁতৰ লৰা-ছোৱালী, মিতিৰ-কুটুম কোনো নাছিল। মাথোঁ গিৰীয়েক আৰু ঘৈনীয়েক। গিৰীয়েকে দিনে খাই-বৈ কাম-কাজ বিচাৰি ওলাই যায় আৰু ঘৈনীয়েকে অকলে তাঁত বয়, ঘৰৰ বন-বাৰী কৰি থাকে। কুকুৰটো গৈ সিহঁতৰ ঘৰতে চাপিল। ক’ৰবাৰ পৰা কুকুৰটো ঘৰ চপা দেখি পো-পোৱালী নাইকিয়া গীৰিহঁতনীয়ে মৰমকৈ তাক এমুঠি পইতা ভাত খাবলৈ দিলে। সিও মৰম পাই তাতে থাকিবলৈ ধৰিলে। গীৰিহঁতনীয়ে দিনৌ তাঁত বয় আৰু কুকুৰটো ওচৰতে পৰি থাকে। এদিন তাইৰ হাতৰ পৰা এবাৰ মাকোটো সৰি পৰিলত, তাই কুকুৰটো ফালে চাই ধেমালিতে ক’লে “তই মোৰ মাকোটো তুলি দিব নোৱাৰ? অঁজাতৰীয়া মাকোডাল মোৰ হাতৰ পৰা ঘনে ঘনে পৰি যায়, মইনো কিমান চাপৰি চাপৰি আনি থাকিম? দে মোৰ মাকোটো তুলি মোৰ বোপাই, লাগে যদি মোৰ ছোৱালী হ’লে তোলৈকে তাইক বিয়া দিম।” মনুহজনীৰ কথা শুনি কুকুৰটোৱে খপ্ কৰে মাকোটো তুলি দিলে। মানুহজনীয়ে বিচুৰ্তি হৈ ভাবিলে, “আও! ই কম কুকুৰ নহয়। ই মানুহতকৈও গুণী। মোৰ কথা ই কেনেকৈ বুজিলে? মোৰ ছোৱালী নায়েই, হোৱা হ’লেও এনেটো কুকুৰলৈকে দিলেও একো হানি নাছিল।”
এই কথাৰ কেইমাহমান পিছত ঈশ্বৰৰ ইচ্ছাত মানুহজনীৰ ছোৱালী এজনী উপজিল। বাপেকে মৰম কৰি জীয়েকৰ নাম কাঞ্চনী ৰাখিলে। তাই ৰূপে-গুণে তমস্কাৰ হ’ল। কুকুৰটোও নিজৰ গুণত দিনক-দিনে গীৰিহঁতনিৰ বুকুত সোমাই আহিবলৈ ধৰিলে। কাঞ্চনীৰ বিয়া দিবৰ কাল পৰিলত, এদিন ঘৈণীয়েকে গিৰীয়েকক সেই মাকো পৰাৰ দিনৰ কথাটো ক’লে, “মোৰ ছোৱালী হ’লে মই কুকুৰটোলৈ বিয়া দিম বুলি কৈছিলোঁ। সেই বাবেহে মোৰ ছোৱালীজনীও হ’ল কিজানি, নাইবা মোৰ পেটত ল’ৰা-ছোৱালী হ’বৰ কোনো আগন্তুক নাছিল। এতেকে মই মোৰ কথামতে তালৈকে কাঞ্চনীক বিয়া দিম বুলি ভাবিছোঁ, তুমি কি বোলা?” গীৰিয়েক বৰ হোজা আৰু ধাৰ্মিক মানুহ আছিল। সি উত্তৰ দিলে, যদি তুমি তাৰ আগত তেনেকৈ কৈছিলা, তেনেহ’লে নিশ্চয় তোমাৰ কথা ৰাখিব লাগিব, নহ’লে আমাক পাপে চুব। আৰু সঁচাকৈ ক’বলৈ গ’লে, আমি এনেটো কুকুৰ আগেয়ে ক’তো দেখাও নাছিলোঁ। সি মানুহতকৈ সাত-চাৰ। এতেকে মোৰ মনৰে আমাৰ কাঞ্চনীক তালৈকে বিয়া দিয়াটোহে উচিত।” এইবুলি বাপেকে জীয়েকক মাতি আনি সেই কথা ক’লত, জীয়েকে উত্তৰ দিলে, “তোমালোকৰ ইচ্ছামতে চলাটোৱেইহে মোৰ কৰ্ত্যব। আয়ে যেতিয়া মোক কুকুৰলৈ বিয়া দিবলৈ সইত খাইছে, সেই সইত ৰখিমেই ৰাখিম।” জীয়েকৰ কথা শুনি মাক-বাপেকে সন্তোষ পাই তাইক কুকুৰলৈকে বিয়া দি দুয়োকো যতন কৰি খুৱাই-বোৱাই ঘৰত ৰাখিলে।
কাঞ্চনীয়ে বৰ যতনেৰে খুৱাই-বুৱাই অঁতাই-পিতাই নিজৰ স্বামী বুলি কুকুৰটোক সেৱা ভক্তি কৰিবলৈ ধৰিলে। এদিনলৈকে তাইৰ মনত বেজাৰ নালাগিছিল। ঘৈণীয়েকে কুকুৰটোৰ গা অঁতাই-পিতাই ধুই-পখালি চিকণ কৰি দিলেও, অলপ পৰ পিছতে কুকুৰটোৱে গৈ মাটি লৈ গাত ধূলি-মাকতি সানে। এদিন কাঞ্চনীৰ মাকে কাঞ্চনীক ক’লে, “আই চাচোন, তোৰ গিৰীয়েৰৰ গাটো ধূলি-মাকতি লাগি কেনে ক’লা হৈ পৰিছে। তাক লৈ যা, নৈত ভালকৈ তাৰ গাটো ঘঁহি-পিহি ধুৱাই লৈ আহগৈ।” মাকৰ কথা শুনি কাঞ্চনীয়ে গীৰিয়েকক লৈ নৈত জুবুৰিয়াই ভালকৈ তাৰ গা ভৰি মূৰ কাণ ঘঁহি দিওঁতেই এবাৰ তাইৰ হাতটো কুকুৰটোৰ কাণত লাগিলত, অলপ খহতা যেন পাই ভালকৈ চাই দেখিলে যে তাত এটা কাঁইট পোত খাই আছে। কাঁইটটো দেখি কাঞ্চনীয়ে আঁজুৰি উলিয়ালে তৎক্ষণাত কুকুৰটো কুকুৰ গুচি কেঁচা সোণৰ বৰণৰ সুন্দৰ ডেকা ল’ৰা এজন হ’ল। গীৰিয়েক কুকুৰ গুচি মানুহ হোৱা দেখি তাইৰ আনন্দৰ পাৰ নোহোৱা হ’ল। তেতিয়া গিৰীয়েকে তাইক আগৰপৰা গুৰিলৈকে সকলো কথা ভাঙি ক’লত তাই তাক ক’লে যে, “মই যদি তোমাক এইদৰে আমাৰ ঘৰলৈ লৈ যাওঁ তেন্তে মোৰ বোপাই, আই আৰু ওচৰ-চুবুৰীয়া আন মানুহে ভাবিব মই কুকুৰটো মাৰি ক’ৰবাৰ ডেকা ল’ৰা এটা লগ লগাই লৈ আহিছোঁ বুলি, তেতিয়া বৰ বদনামৰ কথা হ’ব; আৰু মই আচল কথা ভাঙি ক’লেও কোনো বিশ্বাস নকৰিব। সেইদেখি তোমাৰ কাণৰ ফুটাত আকৌ এই কাঁইটটো মাৰি দিওঁ, দি তোমাক আগৰ দৰে কুকুৰ কৰি ঘৰলৈ লৈ যাওঁ। ঘৰ পাই সকলোৰে আগত তোমাৰ কাণত তেল-তুল দি চিকুণাই থাকোঁতে যেন হঠাত মই সেই কাঁইটটো তাত দেখি এইটো কি বুলি টানি উলিয়াই আনিম আৰু অনিলেই তুমি মানুহ হ’বা। আৰু তেতিয়া কোনেও একো ক’ব নোৱাৰে।” ইয়াকে কৈ কাঞ্চনীয়ে কাঁইটডাল আকৌ গিৰীয়েকৰ কাণৰ সঁতাত সোমাই দি গিৰীয়েকক ঘৰলৈ লৈ গুচি আহিল। ঘৰ পাই কাঞ্চনীয়ে মাকক ক’লে, ” আই মই তেওঁক ধুৱাই অনিছোঁ। এতিয়া তেল এটোপা ঘঁহি দিমনে?” মাকে ক’লে, “দে আই।” এইবুলি মাকে ক’লত কাঞ্চনীয়ে তেল আনি ঘঁহাৰ ছলতে কুকুৰটোৰ কাণৰ কাঁইটডাল মাকক দেখুৱাই ক’লে, “আই, আই চাহিচোন এটা বৰ কাঁইট কাণৰ সঁতাত কেনেকৈ সোমাই আছে।” মাকে ক’লে, ” সোমাব পাৰেটো মোৰ আই, সি য’তে পাই ত’তে শুই ফুৰে, কাঁইটটো টানি উলিয়াই দে।” মাক এইবুলি কোৱাত কাঞ্চনীয়ে কাঁইটটো উলিয়াই দিলে আৰু ততালিকে সি কুকুৰ গুচি সুন্দৰ পুৰুষ এজন হ’ল। এই কথা দেখি মাক-বাপেক আৰু ওচৰ-চুবুৰীয়া সকলোবোৰে বিস্ময় মানি, তাক কি কথা, কি বতৰা বুলি সোধিলত সি সকলো কথা ভাঙি-পাতি ক’লে। সকলোৱে আচৰিত মানি আনন্দ পালে, কাঞ্চনী আৰু তাইৰ মাক-বাপেক আনন্দত বিভোৰ হৈ জোঁৱায়েকক লৈ মহা সুখেৰে থাকিল।
কুকুৰ এটা গুচি মানুহ হ’ল, এই কথা চাৰিওফালে ওলাই পৰিলত ৰজাই শুনিবলৈ পাই কাঞ্চনীৰ গিৰীয়েকক মতাই নি, কি কথা, কি বাৰ্তা বুলি সোধিলত, সি ৰজাক সকলো কথা ক’লে। ৰজাই সন্তোষ পাই তাক তেওঁৰ ঘোঁৰা শালত চাওঁতাৰ বিষয়াখন দি ৰাখিলে।
ইকাণ-সিকানকৈ লাহে লাহে গৈ ৰজাৰ কাণত পৰিলগৈ যে ঘোঁৰাশাল চাওঁতা-চিতোতা বিষয়াজনৰ ঘৈণীয়েকজনী বৰ গুণী আৰু শুৱনি তিৰোতা। ৰজাই ভাবিলে যে এনেজনী তিৰোতা ৰজাৰহে যোগ্য, এতেকে তাইকে আনি মোৰ কুঁৱৰী পাতিম। ইয়াকে ভাবি ৰজাই তেওঁৰ ঘোঁৰাৰ বিষয়াক ক’লে যে সি ঘৈণীয়েকক ৰজাৰ অন্তেষপুৰলৈ পঠিয়াই দিব লগে। সি ৰজাৰ কথাত কোনোমতে মান্তি নহ’ল। ৰজাই বাৰে বাৰে কৈও ঘোঁৰাৰ বিষয়াক সেই কথাত কোনোমতে মান্তি কৰিব নোৱাৰি তাক বন্দী কৰি থোৱালে। গিৰীয়েকক বন্দী কৰি থৈয়েই ৰজাই ঘৈণীয়েক কাঞ্চনীৰ ওচৰলৈ নিজে আহি নানাপ্রকাৰে কাঞ্চনীক তেওঁৰ কুঁৱৰী হ’বলৈ বুজাবলৈ চেষ্টা কৰিলে। কিন্তু তাই সেই কথাত মান্তি নহ’ল। ৰজা ভোটা হৈ উভতি গৈ ভাবিলে যে গিৰীয়েক জীয়াই থাকে মানে কাঞ্চনীক মোৰ কুঁৱৰী কৰিবলৈ সৈমান কৰাব নোৱাৰো, সেইদেখি তাইৰ গিৰীয়েকক মাৰি পেলাই বাটটো মুকলি কৰি লওঁ। ইয়াকে ভাবি ৰজাই কাঞ্চনীৰ গিৰীয়েকক শালত দিবলৈ হুকুম দিলে।
ৰজাৰ বৰচ’ৰাৰ মুখত কাঞ্চনীৰ গিৰীয়েকক শালত দিছে। কিন্তু এই কথাৰ কাঞ্চনীয়ে তেতিয়াও একো বুজ পোৱা নাই, তাই ৰং মনেৰে ঘৰত জালি তাঁত এখন বৈ আছে। এনে সময়ত এজনী কাউৰীয়ে শালত দিয়া কাঞ্চনীৰ গিৰীয়েকৰ গাৰপৰা ওলোৱা তেজ খাই ঠোঁট ৰঙা কৰি উৰি আহি কাঞ্চনীৰ ওচৰতে পৰি ছট্ফটাবলৈ ধৰিলে। এবাৰ কাউৰীজনীয়ে মাত লগালে –
“কাঁচনী কাঁচনী নবৱি কাঁচনী,
জালি তাঁত এবেলি থ।
বৰচ’ৰাৰ মুখত ৰজাই শালত দিছে,
তাকে চাবলৈকে ব’ল।”

এই কথা শুনি কাঞ্চনীয়ে কাউৰীজনীৰ ফালে চাই তাইৰ ঠোঁটটো ৰঙা দেখি গাত লাই-সৰিয়হ ফুটা যেন পালে। কাঞ্চনীয়ে কাউৰীক সুধিলে –
“কাউৰী কাউৰী অজাতি কাউৰী
কি খাই বুলালি ঠোঁট”

কাউৰীয়ে উত্তৰ দিলে –
“কাঁচনী বাই, মই অজাতি কাউৰী
একো খাই নোবোলাও ঠোঁট
বৰচ’ৰাৰ মুখতে গিৰীয়েৰক শালত দিছে
তেজেৰে বোলালো ঠোঁট।”

এই কথা শুনা মাত্ৰকতে কাঞ্চনীয়ে জালিতাঁত এৰি ভিতৰ সোমাই সেন্ধুৰৰ ফুঁট আৰু ৰেঘা পিন্ধিলে, সকলো অলংকাৰ-পাতি পিন্ধিলে আৰু সামৰণ ভাল ৰিহা-মেখেলাযোৰ পিন্ধি ধাননিৰ মাজেদিয়েই বাট পোনাই ল’ৰি ৰজাৰ বৰচ’ৰাৰ ফালে ঢাপলি মেলিলে। ইফালে চাওদাঙে কাঞ্চনীৰ গিৰীয়েকক তাৰ ভৰিৰ ফালৰ পৰা কুণ্ডা শালত চেপি আনি থাকোঁতেই গিৰীয়েকে দূৰৰ পৰা কাঞ্চনীক লৰি অহা দেখি বিনাই ক’লে –
“ধাননি ধাননি নাহিবি কাঞ্চনী
ধান-পাতে কাটিব গা
মোৰ বিলাই যি হ’বৰ হওকে
ঘৰলৈ উভতি যা।”

কাঞ্চনীয়ে ল’ৰি আহি থাকোঁতে গিৰীয়েকৰ কথা শুনি উত্তৰ দিলে-
“কাটিলে কাটকে ধানৰে পাতে গা
তালৈ নকৰোঁ কাণ
তোমাৰ লগতে হ সয়ন্তৰী
নাৰাখো দুখুনী প্ৰাণ।”

এইবুলি কাঞ্চনীয়ে গিৰীয়েকৰ ওচৰ পাই দীঘল দি গিৰীয়েকক সেৱা কৰি গিৰীয়েকৰ লগতে শালত মূৰটো সোমাই দিলে। কোনেও তাইক হকা-বধা কৰিবলৈ সাহ নকৰিলে। অলপ পৰৰ পিছতে দুয়োৰ জীৱ দুটিয়ে ভেল দুটা এৰি গোসাঁইৰ ওচৰলৈ উৰি গ’ল। ৰজাই এই বাতৰি শুনিলত বেজাৰ কৰিবলৈ ধৰিলে-
“কাঁচনী যাবৰে শুনিলোহেঁতেন,
ছকুৰি লগুৱা লগত দিলোহেঁতেন।
কাঁচনী যাবৰে শুনিলোহেঁতেন,
দোলায় ঘোঁৰায়ে পঠালোহেঁতেন,
কাচনী যাবৰে শুনিলোহেঁতেন,
গিৰীয়েকক শালত নিদিলোহেঁতেন।”

শোক কমিলত ৰজাই কাঞ্চনী আৰু তাইৰ গিৰীয়েকক নৈৰ কাষত খৰি দিবলৈ মন্ত্ৰীক হুকুম দি ক’লে, “নৈৰ এপাৰে কাঞ্চনীক আৰু আনপাৰে গিৰীয়েকক খৰি দিয়া। কাঞ্চনীক চন্দন, সৰল, পদ্ম, উৱৈঁ, গন্ধসৰৈ, ধূপ-ধুনা, ঘিউৰে খৰি দিয়া। গিৰীয়েকক চ চুৱাখুটি, শুকান চুৱাপাত ইত্যাদিৰে খৰি দিয়া।”
ৰজাৰ হুকুম মতে মন্ত্ৰীয়ে কাম কৰিলে। দুয়োৰো চিতাত ধম্ ধম্ কৰে দুকুৰা জুইৰ আগ দুটা পাৰৰ পৰা দীঘল হৈ আহি নৈৰ মাজতে পাক খাই একেটা হ’ল। সকলোৱে এই কথা শুনি আচৰিত মানিলে। ৰজায়ো পিছত মন্ত্ৰীৰ মুখে এই কথা শুনি আচৰিত হৈ দুইখন মৰিশালিত দুজোপা গছ ৰুই দিবলৈ হুকুম দি ক’লে, “কাঞ্চনীৰ মৰিশালিত আহঁত এজোপা আৰু গিৰীয়েকৰ মৰিশালিত বৰগছ এজোপা ৰুৱা।”
কিছুকালৰ মূৰত দেখা গ’ল যে নৈৰ দুয়োপাৰৰ দুইজোপা গছে ফেৰ ধৰি ডাঙৰ হৈ দুফালৰ পৰা হালি আহি ঠিক নৈৰ মাজত মিলি এজোপা হৈ বঢ়িবলৈ ধৰিলে।

 

**সমাপ্ত**

সংগ্ৰাহক

চুছীলা স্বৰ্গীয়াৰী