Ankuran
কাইলৈ মোৰ আইক লগ পামসাতদিনৰ মূৰত মোৰ আইক মই দেখা পাম
কাইলৈ মোৰ আইক মই হেঁপাহ পলুৱাই চামকোনেও যদি আমনি নকৰেআইৰ কোলাত মূৰটো থৈ আমি কথা পাতিমকৈ কৈ শেষ কৰিব নোৱৰাঅজস্ৰ কথা
ঘৰখন এৰি আহিবৰ পৰতকোঠালী এটাত সোমাই ফেকুঁৰি থকামোৰ আইৰ বুকুৰ ধপধপনিয়েজীৱন জুৰি মোক খেদি ফুৰিব
বুকুত হেঁচা মাৰি ধৰা এয়া এক জীয়া বেদনাঠাৰে-চিয়াঁৰেও যাক বুজাই ক’ব নোৱাৰি
বিদায় বেলিকাত দুখত ভাগি পৰা ভাইটোৱেমোক এৰি কেনেকৈবা পাৰ কৰিছে সময়বোৰলাজহোমত আখৈ তোলাৰ সময়তগোত্ৰ ছিঙি যায় বুলি গোৱা নামফাকিয়েতাৰ বুকুতো চাগৈ সিদিনা বৰকৈ খুন্দিয়াইছিলবায়েকৰ দুখ পাতলাবৰ বাবেই সিদিনাখন সি সযতনে পিন্ধি লৈছিল এটা হাঁহিৰ চোলামোৰ কাণত কিয় জানো অহৰহ বাজি আছিলতাৰ হাঁহি থকা চোতাললৈ আহোঁ আহোঁকৈ থকাবৰষুণজাকৰ শব্দ
কন্যাদানৰ সময়ত উচুপি-উচুপি কন্দাপিতাইৰ মুখখন বাৰু কেনেকৈ পাহৰিমপাহৰিব পাৰিম জানোঅবাধ্য চকুপানীখিনিক জোৰকৈ বুজাই-বৰাইমোক বোৱাৰী জীৱনটোলৈ আগবঢ়াই দিয়াপিতাইৰ হাতৰ সেই স্পৰ্শটোক
প্ৰথম খোজ কঢ়াৰ দিনাখন পৰি যাব খোজোঁতেমোক থাপ মাৰি ধৰা হাতখনো আছিল পিতাইৰে
এয়া দুখেই নে সুখবুজাই ক’ব পৰা নাযায়বুজিবও পৰা নাযায়
মোলৈ ৰৈ থকা আপোন মানুহবোৰক কাইলৈ লগ পামআনন্দতে আজি ৰাতি মোৰ যে টোপনিয়ে নাহিবএই আনন্দ বুজাব নোৱৰা আনন্দ
কাইলৈ আইৰ আখলত মোলৈ ৰৈ থাকিবআয়ে জীয়ন দি থোৱা আঠবিধ অমৃতৰ সোৱাদ
##########
অধ্যাপক ডিফু চৰকাৰী মহাবিদ্যালয়