Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

কাইলৈ মোৰ আইক লগ পাম

কাইলৈ মোৰ আইক লগ পাম
সাতদিনৰ মূৰত মোৰ আইক মই দেখা পাম

কাইলৈ মোৰ আইক মই হেঁপাহ পলুৱাই চাম
কোনেও যদি আমনি নকৰে
আইৰ কোলাত মূৰটো থৈ আমি কথা পাতিম
কৈ কৈ শেষ কৰিব নোৱৰা
অজস্ৰ কথা

ঘৰখন এৰি আহিবৰ পৰত
কোঠালী এটাত সোমাই ফেকুঁৰি থকা
মোৰ আইৰ বুকুৰ ধপধপনিয়ে
জীৱন জুৰি মোক খেদি ফুৰিব

বুকুত হেঁচা মাৰি ধৰা এয়া এক জীয়া বেদনা
ঠাৰে-চিয়াঁৰেও যাক বুজাই ক’ব নোৱাৰি

বিদায় বেলিকাত দুখত ভাগি পৰা ভাইটোৱে
মোক এৰি কেনেকৈবা পাৰ কৰিছে সময়বোৰ
লাজহোমত আখৈ তোলাৰ সময়ত
গোত্ৰ ছিঙি যায় বুলি গোৱা নামফাকিয়ে
তাৰ বুকুতো চাগৈ সিদিনা বৰকৈ খুন্দিয়াইছিল
বায়েকৰ দুখ পাতলাবৰ বাবেই সিদিনাখন সি সযতনে পিন্ধি লৈছিল এটা হাঁহিৰ চোলা
মোৰ কাণত কিয় জানো অহৰহ বাজি আছিল
তাৰ হাঁহি থকা চোতাললৈ আহোঁ আহোঁকৈ থকা
বৰষুণজাকৰ শব্দ

কন্যাদানৰ সময়ত উচুপি-উচুপি কন্দা
পিতাইৰ মুখখন বাৰু কেনেকৈ পাহৰিম
পাহৰিব পাৰিম জানো
অবাধ্য চকুপানীখিনিক জোৰকৈ বুজাই-বৰাই
মোক বোৱাৰী জীৱনটোলৈ আগবঢ়াই দিয়া
পিতাইৰ হাতৰ সেই স্পৰ্শটোক

প্ৰথম খোজ কঢ়াৰ দিনাখন পৰি যাব খোজোঁতে
মোক থাপ মাৰি ধৰা হাতখনো আছিল পিতাইৰে

এয়া দুখেই নে সুখ
বুজাই ক’ব পৰা নাযায়
বুজিবও পৰা নাযায়

মোলৈ ৰৈ থকা আপোন মানুহবোৰক কাইলৈ লগ পাম
আনন্দতে আজি ৰাতি মোৰ যে টোপনিয়ে নাহিব
এই আনন্দ বুজাব নোৱৰা আনন্দ

কাইলৈ আইৰ আখলত মোলৈ ৰৈ থাকিব
আয়ে জীয়ন দি থোৱা আঠবিধ অমৃতৰ সোৱাদ


##########

🖋️ গীতা হাঞ্ছেপী

অধ্যাপক
ডিফু চৰকাৰী মহাবিদ্যালয়