Ankuran
শিক্ষাৰ্থী সকলৰ বাবে কলেজীয়া জীৱন এটি সোণালী পথ। তেওঁলোকৰ বাবে এয়া সোণালী দিন তথা সোণালী সুযোগ, যদিহে তেওঁলোকে উপযুক্ত ব্যৱহাৰ কৰে। অন্যথা গোটেই জীৱন অনুসূচনাত পাৰ কৰিব লাগিব৷ এনে সুযোগ কাহানিও ঘূৰি নাহে৷ ঘূৰি নাহে গুচি যোৱা সেই কলেজীয়া জীৱনৰ সোণোৱালী দিনবোৰ৷
কাৰণ কলেজীয়া দিনবোৰত শিক্ষাৰ্থীসকলৰ দেহৰ অৱয়বৰ লগতে মগজুৰ বিকাশ আৰু পৰিপক্কতা হ‘বলৈ আৰম্ভ কৰে৷ এই সময়চোৱাত Brain cell সমূহ অধ্যয়নৰ যোগেদি সক্ৰিয় কৰি বিদ্যা আহৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি নল’লে Brain cellবোৰ অকামিলা হৈ পৰে ৷ সেয়ে-“ ছাত্ৰানাং অধ্যয়নং তপঃ ”বুলি মনিষীসকলে কৈ গৈছে ৷
গতিকে শিক্ষাৰ্থীসকলে কলেজীয়া জীৱনত নিজৰ অমূল্য জীৱন গঢ় দি নললে ভৱিষ্যতে বৃথা জীৱন যাপন কৰিব লাগিব৷ ইয়াৰ পৰিণাম অতি ভয়াবহ আৰু অতি বেদনাদায়ক৷ সুন্দৰ জীৱন যাপন কৰিবলৈ তেওঁলোকে নিশ্চিতভাৱে ভালদৰে পঢ়া–শুনা কৰিব লাগিব৷ প্ৰয়োজনীয় জ্ঞান আহৰণ কৰিব লাগিব৷ তেহে নিস্তাৰ,নহ‘লে পস্তাব লাগিব৷ সেয়ে কলেজীয়া শিক্ষাই শিক্ষাৰ্থীৰ ভৱিষ্যত গঢ়াৰ অমোঘ পথ ৷