Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

প্ৰৱন্ধ

কলেজীয়া জীৱনৰ কিছু পাহৰিব নোৱাৰা স্মৃতি

চিৰদিন চিৰকাল জিলিকি থাকা তুমি বিশাল মহামায়াৰ বুকুৰ মাজত,
তোমাৰ মৰম, স্মৃতি আৰু অনুভৱবোৰ সদায় সযতনে ৰাখিম হৃদয়ত।

                কাৰ্বি আংলং জিলাৰ ডকমকা অঞ্চলত অৱস্থিত এখন আগশাৰীৰ শিক্ষানুষ্ঠান হৈছে থং নক্‌বে মহাবিদ্যালয় । ১৯৮৪ চনৰ ৭ ছেপ্তেম্বৰ তাৰিখে ডকমকা অঞ্চলৰ মাজ মজিয়াত মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল । থং নক্‌বে মহাবিদ্যালয় কেৱল এখন মহাবিদ্যালয় নহয়, ই এক আবেগ,এটা জীয়া সপোন । য’ত পাহাৰীয়া জিলাখনৰ হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়ালৈ নিজৰ সপোনবোৰ পূৰণ কৰিবলৈ আহে । মইও ব্যতিক্ৰম নাছিলোঁ। দুচকুত অযুত সপোন কঢ়িয়াই ২০১৯ চনৰ ৭ জুলাই তাৰিখে মই এই মহাবিদ্যালয়ত কলা শাখাৰ স্নাতক প্ৰথম ষান্মাসিকত নামভৰ্তি কৰিছিলোঁ। আগষ্ট মাহৰ ১ তাৰিখৰ পৰা আমাৰ ক্লাছবোৰ আৰম্ভ হৈছিল । মোৰ সন্মান বিষয় আছিল অসমীয়া । মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ পাছতে বিভাগৰ শিক্ষকসকলৰ সৈতে মোৰ পৰিচয় হৈছিল। অসমীয়া বিভাগৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰী অতি মৰমীয়াল আছিল । মোৰ এই তিনি বছৰীয়া শিক্ষা জীৱন তেওঁলোকৰ মৰম আৰু শাসনৰ বাবেহে সম্ভৱ হৈছিল ।

                কলেজীয়া জীৱনৰ প্ৰথম দিন। ভয় আৰু শংকাৰ মাজেৰেই শ্ৰেণীকোঠাত বহিছিলোঁ। প্ৰথমটো ক্লাছ আছিল লাৱণ্য বৰা বাইদেউৰ । বাইদেউয়ে ক্লাছ নকৰিলে ফোন কৰি মাতিছিল । দ্বিতীয়টো ক্লাছ আছিল ৰুমী শইকীয়া বাইদেউৰ । বাইদেউক খুব ভয় কৰিছিলোঁ । তেওঁ আমাক ভাষাৰ বিষয়ে পঢ়োৱাইছিল । ‘ভাষা’ বিষয়টো আমাৰ বাবে একেবাৰে নতুন বিষয় আছিল, সেয়ে প্ৰথম দিনা ক্লাছত একোয়ে বুজি পোৱা নাছিলোঁ । ভাষাৰ লগত সম্পৰ্ক থকা কিছুমান শব্দ আমি কেতিয়াও শুনাই নাছিলোঁ। তৃতীয়টো ক্লাছ আছিল ভবেন কোচ ছাৰৰ। ছাৰে আমাক অতি মৰমৰে পঢ়োৱাইছিল। বিষয়সমূহ নুবুজিলে বাৰে বাৰে বুজাই দিছিল,কেতিয়াও খং কৰা নাছিল। মৰমী বাইদেউক তৃতীয় ষান্মাসিকত পাইছিলোঁ । বাইদেউক সকলো কথা খুলি ক’ব পাৰিছিলোঁ। । প্ৰথম ষান্মাসিকত মই ক্লাছৰ একেবাৰে অনিয়মিত ছাত্ৰী আছিলোঁ। সপ্তাহত তিনিদিনমানহে গৈছিলোঁ কলেজলৈ । যাৰ বাবে ৰুমী বাইদেউৰ পৰা যথেষ্ট গালি শুনিছিলোঁ । কোচ ছাৰ আৰু লাৱণ্য বাইদেউয়ে গালি দিয়া নাছিল কেতিয়াওঁ, কিন্তু ৰুমী বাইদেউয়ে কিয় যে ইমান গালি দিছিল ! তাকে ভাৱিছিলোঁ । বাইদেউক যথেষ্ট ভয় কৰিছিলোঁ ।

                ২০১৯ চনৰ ৫ ছেপ্তেম্বৰ,শিক্ষক দিৱস । বিশেষ অসুবিধাৰ বাবে বাইদেউ সেইদিনা কলেজলৈ অহা নাছিল । ৬ তাৰিখে আমি বাইদেউৰ বাবে সৰু সৰু মৰমেৰে ভৰা উপহাৰবোৰ আগবঢ়াই আৰ্শীবাদ বিচাৰি সেৱা জনালোঁ । সেইদিনা বাইদেউয়ে কৈছিল –“তোমালোকে এইবোৰ কিয় কৰিব লাগে ! দিব বিচাৰা যদি তোমালোকে এটা ভাল ৰিজাল্ট দিবা মোক । তোমালোক সকলোৱে প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ চেষ্টা কৰা । সেইটোৱেই মোৰ বাবে ডাঙৰ উপহাৰ হ’ব। তাৰবাবে মই যিমান যি কৰিব লাগে কৰিম।” সেইদিনা বুজিছিলোঁ বাইদেউৰ এই খং আৰু কঠোৰতা আমাৰ ভৱিষ্যত জীৱন গঢ় দিয়াৰ বাবেহে আছিল । এই খং আৰু কঠোৰতাৰ আৰঁত আমাৰ দৰে বহু ছাত্ৰ-ছাত্ৰীৰ সুন্দৰ ভৱিষ্যত লুকাই আছিল ।

                বাইদেউৰ প্ৰতি থকা ভয় ভাৱৰ বাবেই প্ৰথম অৱস্থাত মই তেওঁৰ পৰা আঁতৰি ফুৰিবলৈ চেষ্টা কৰিছিলোঁ । এনেদৰে ক্লাছবোৰ শেষ হৈছিল । কিছুদিনৰ পাছতেই প্ৰথম ষান্মাসিকৰ পৰীক্ষা আৰম্ভ হৈছিল । মই অৱশ্যে পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিলোঁ । লাহে লাহে দ্বিতীয় ষান্মাসিকৰ ক্লাছো আৰম্ভ হৈছিল । ভাৱিছিলোঁ বাইদেউৰ পৰা,বাইদেউৰ ক্লাছৰ পৰা আঁতৰি থকাৰ বাবেই হয়তো পৰীক্ষা বেয়া হৈছিল । বাইদেউয়ে ভালদৰে বুজাইছিল ভৱিষ্যত জীৱন গঢ় দিবলৈ পঢ়াটো কিমান প্ৰয়োজন। আহি থকা পৰীক্ষাবোৰ ভাল কৰিবলৈ এতিয়া কি কৰিব লাগিব, কেনেকৈ পঢ়িব লাগিব ইত্যাদি বহু কথা । বাইদেউৰ কথাবোৰ লাহে লাহে বুজি উঠিছিলোঁ । তেওঁৰ প্ৰতি থকা ভয় ভাৱবোৰো লাহে লাহে নোহোৱা হ’বলৈ ধৰিছিল । বাইদেউৰ লগত যোগাযোগ বাঢ়িবলৈ ধৰিলে। নুবুজা কথাবোৰ ফোন কৰি সুধিব পৰা হৈছিলোঁ । ছাৰ-বাইদেউসকলে ভালদৰে পঢ়িবলৈ, ভাল ৰিজাল্ট কৰিবলৈ অনুপ্ৰেৰণা দিছিল । একমাত্ৰ বাইদেউৰ প্ৰতি থকা ভয় ভাৱৰ বাবে মোৰ তিনিবছৰীয়া শিক্ষা জীৱন সম্পূৰ্ণ কৰিব পাৰিছিলোঁ । বাইদেউৰ গালিবোৰ আছিল মোৰ বাবে আৰ্শীবাদ । পৰীক্ষা শেষ হোৱাৰ লগে লগেই বাইদেউয়ে খবৰ লৈছিল পৰীক্ষা কেনেকুৱা হৈছে, কি লিখিলোঁ ইত্যাদি। লাহে লাহে তেওঁক মই মোৰ প্ৰতিটো অসুবিধাৰ কথাই খুলি ক’ব পৰা হৈছিলোগৈ । এনেদৰে চাৰিটা ষান্মাসিক পাৰ কৰিছিলোঁ । লাহে লাহে আকৌ নতুন ভয় এটাই বাহঁ লৈছিল বুকুত । শিক্ষকসকলৰ ইমান কষ্ট, মৰম, আশা-ভৰষা; পাৰিমনে ভাল ৰিজাল্ট কৰিবলৈ ! কেতিয়াবা আকৌ আত্মবিশ্বাস জাগি উঠিছিল ‘কিয় নোৱাৰিম ! ছাৰ বাইদেউসকলৰ আৰ্শীবাদ আছে যেতিয়া নিশ্চয় পাৰিম’।

                সময় আগবাঢ়িল, স্নাতক পঞ্চ ষান্মাসিকৰ পৰীক্ষা আৰম্ভ হ’ল । পৰীক্ষাৰ পাছতেই ষষ্ঠ ষান্মাসিকৰ ক্ষুদ্ৰ গৱেষণা পত্ৰ লিখাৰ সময় আহি পৰিল । কি লিখিম, কেনেকৈ লিখিম একো ভাবি পোৱা নাছিলোঁ। বাইদেউয়ে এটা কথাই কৈছিল “শিল্পীকা, কলমটো ধৰি ছোৱা আগত” আৰু এনেকৈয়ে সময়ত প্ৰকল্প প্ৰতিবেদনখনো লিখা হৈ গৈছিল । এই ক্ষেত্ৰত কোচ ছাৰ আৰু বাইদেউয়ে যথেষ্ট সহায় কৰিছিল । ক্লাছবোৰ শেষ হ’ল, চূৰান্ত পৰীক্ষা আৰম্ভ হ’ল । পৰীক্ষাৰ আগদিনা বাইদেউয়ে ফোন কৰি অভয় দান দিছিল । মোৰো আত্মবিশ্বাস বাঢ়িছিল । আৰু সেই আত্মবিশ্বাসৰ বলতে ২০২২ চনৰ ৪ নবেম্বৰত মই প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিলোঁ ।

                অনুজসকললৈ এটাই উপদেশ যদি জীৱনত আগুৱাই যাম বুলি ভাবিছা , যদি ভাল ৰিজাল্ট কৰিব বিছাৰা তেনেহ’লে বাইদেউৰ পৰা কেতিয়াও আঁতৰি নাথাকিবা । মই বাইদেউৰ তত্বাৱধানত নথকা হ’লে স্নাতক পৰীক্ষাত কেতিয়াও এই ফলাফল দেখোৱাব নোৱাৰিলোঁ হেঁতেন । অসমীয়া বিভাগৰ ভবেন কোচ ছাৰ, ৰুমী শইকীয়া বাইদেউ, লাৱণ্য বৰা বাইদেউ আৰু মৰমী তিমুংপী বাইদেউৰ ওচৰত মই চিৰকৃতজ্ঞ। অসমীয়া বিভাগৰ নৱনিযুক্ত অধ্যাপিকা মণিকংকণা কোচ আৰু ববী কলিতা বাইদেউলৈ মোৰ আন্তৰিক শ্ৰদ্বা আৰু মৰম যাছিলোঁ।

জয়তু থং নক্‌বে মহাবিদ্যালয়
জয়তু অসমীয়া বিভাগ

শিল্পীকা হাজৰিকা

প্ৰাক্তন ছাত্ৰী, ২০২১