এটা সময় আছিল‚ য’ত নাছিল কোনো যান্ত্ৰিকতা আছিল মাথো এখন সৰল ছবি ‚ অৰাজকতাৰ সীমাই যেন স্পৰ্শ কৰিব নোৱাৰা এক শান্তিময় জীৱন।
এটা সময় আছিল , সুখবোৰ নিচেই কাষতে আছিল , কিন্তু সুখৰ সংজ্ঞা বিচাৰি এতিয়া দুখবোৰেই প্ৰিয় হৈ পৰিছে।
এটা সময় আছিল, এন্ধাৰৰ সিপাৰে থকা পোহৰখিনিৰ দৰেই আছিল আশাৰ ৰেঙনি সপোনৰ ৰং, সেই সময় আছিল মধুৰতম সেই সময় আছিল জীৱনৰ এক খোলা পৃষ্ঠা, হেৰাই যোৱাৰ ভয়ত বহু যত্নৰে হৃদয়ৰ একোনত সাঁচি ৰাখিছোঁ সেই সময়ৰ স্মৃতি ।